বিলাসীপাৰা , 28 নৱেম্বৰঃ বৃহস্পতিবাৰে বিলাসীপাৰা বেলতলীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত দুজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত বাইক আৰোহী দুজন নৱজ্যোতি বর্মন আৰু লক্ষ্মীতা বর্মন বুলি জানিব পৰা গৈছে ৷
আহত লোক দুজনক ততাতৈয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ খনে পলায়ন কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷
লগতে পঢ়ক - আজি সন্ধিয়া 6.40 বজাত হ'ব উদ্ধৱ থাকৰেৰ শপত গ্ৰহণ