ধুবুৰী,18 মাৰ্চ: কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব নাপাই গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বুধবাৰে মনোনয়ন দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুল হকে। ২৪ নং গৌৰীপুৰ সমষ্টিৰ দায়িত্বত থকা নিৰ্বাচনী বিষয়া অনিমেশ তালুকদাৰৰ ওচৰত মনোনয়ন দাখিল কৰি গৌৰীপুৰত কাপ প্লেটৰ ছবি লৈ তেওঁ হেনো সমষ্টিত শেষ হাঁহি মাৰিব। প্ৰাৰ্থী গৰাকীৰ ক্ষোভ, দ্বিতীয়বাৰৰ তেওঁক বঞ্চনা কৰিলে প্ৰদেশ কংগ্ৰেছে।
তাৰোপৰিও কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত আসন বুজাবুজিকলৈ একাংশ কৰ্মী ক্ষোভিত হৈ পৰা বুলি মন্তব্য কৰি কয়, এইবাৰ গৌৰীপুৰত ৰাজনৈতিক খেল কিছু জমিব ৷ কাৰণ আদিতে জিলাখনত কংগ্ৰেছৰ ভেঁটী গঢ়াত তেৱেই নেতৃত্ব লৈছিল ৷ কংগ্ৰেছত পূৰ্বৰ সেই নীতি আদৰ্শ নাই। একাংশ নেতৃত্বৰ বাবেই কংগ্ৰেছৰ এই অৱস্থা হৈছে। এইবাৰ দলীয় নেতৃত্বৰ বিৰুদ্ধে থিয় দিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকী ৷ সোৱে-বাঁওয়ে দুই পুত্ৰক লগত লৈ বুধবাৰে মনোনয়ন দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুল হকে।
ইপিনে, নেতা গৰাকীৰ দৰে আন এগৰাকী প্ৰাৰ্থীয়ে ২৩ নং ধুবুৰী সমষ্টিৰ পৰা এছইউচিআই (চি) দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৷ অৱসৰপ্ৰাপ্ত অধ্যাপক দেৱান হবিবুৰ ৰহমানে ধুবুৰী জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ কলিতাৰ ওচৰত মনোনয়ন দাখিল কৰি এইবেলি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰে ৷ প্ৰাৰ্থী গৰাকীয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আন্দোলন কৰি হ'লেও সকলো সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: মঙলদৈত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ পদযাত্ৰা