ETV Bharat / state

পূৱ বিলাসীপাৰাৰ বহলপুৰত সমূহীয়া মৎস্য চিকাৰ

পূৱ বিলাসীপাৰাৰ বহলপুৰত এক দৃষ্টি নন্দন দৃশ্য । বহলপুৰত সমূহীয়া মৎস্য চিকাৰ ৷ ৰাজহুৱাভাৱে মাছ ধৰাৰ এক ঐতিহাসিক পৰম্পৰা ৷ বহলপুৰৰ ঝাকুৱাৰ ঘাটত একেলগে প্ৰায় তিনি শতাধিক ৰাইজৰ মৎস চিকাৰ ।

Traditional fish catching custom in Bilasipara
পূৱ বিলাসীপাৰাৰ বহলপুৰত সমূহীয়া মৎস্য চিকাৰ
author img

By

Published : Aug 8, 2020, 3:44 PM IST

পূৱ বিলাসীপাৰা, 8 আগষ্ট : এফালে মহামাৰী কৰ'ণা সংক্ৰমণৰ ভয়ত গৃহবন্দী জনতা, আনফালে মাছ ধৰাৰ এক অনাবিল আনন্দ । তাতে আকৌ যদি ৰাজহুৱাভাৱে মাছ ধৰাৰ এক ঐতিহাসিক পৰম্পৰা থাকে তেন্তে এই মৎস চিকাৰ অধিক আনন্দময় আৰু দৃষ্টিনন্দন হৈ পৰে ৷

পূৱ বিলাসীপাৰাৰ বহলপুৰত সমূহীয়া মৎস্য চিকাৰ

প্ৰতি বছৰে শাওন মাহত এই ব্যতিক্ৰমী পৰম্পৰা ৰক্ষা কৰি আহিছে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহলপুৰ অঞ্চলৰ ৰাইজে । বহলপুৰৰ ঝাকুৱাৰ ঘাটত হাতে হাতে জাকৈ-খালৈ লৈ ওলাই আহিল শ শ জনতা । উদ্দেশ্য মৎস চিকাৰ । কোনোবাই যদি ডাঙৰ আকৃতিৰ ৰৌ, বৰালি আদি পাইছে কোনোবাই আকৌ পাইছে পুঠি-খলিহনা । পূৱ বিলাসীপাৰাৰ বহলপুৰৰ ৰাইজৰ বাবে বছৰৰ এই দিনটোত মাছ ধৰাৰ আমেজেই বেলেগ । অকল মাছ ধৰাই নহয় নিজৰ পৰম্পৰা ৰক্ষা কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিল এইসকল বহলপুৰবাসী ।

লগতে পঢ়ক : মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.