ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 4, 2022, 4:54 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিদ্যালয়লৈ গৈ ঘৰলৈ উভতি নাহিল কিশোৰী

যোৰহাটৰ তিতাবৰত কিশোৰী নিৰুদ্দেশ হোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে (Missing case in Jorhat)৷ তিতাবৰৰ নগাবাট অভয়পুৰীয়াৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে । প্ৰতিদিনৰ দৰেই যোৱা 2 ছেপ্টেম্বৰত বিদ্যালয়লৈ গৈছিল সপ্তম শ্ৰেণীৰ ছাত্ৰী শিল্পা হাজৰিকা (13) (School girl missing at Titabar)৷

দিল্লীত মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্য়া ছয়লৈ বৃদ্ধি

মাঙ্কিপক্স হৈছে জন্তুৰ পৰা ভাইৰাছৰ জৰিয়তে বিয়পা ৰোগ(Monkey pox zoonotic disease)। ১৯৫৮ চনত প্ৰথমবাৰৰ বাবে বান্দৰৰ শৰীৰত এই ৰোগ ধৰা পৰিছিল(Monkey pox first detected)। ১৯৭০ চনত কংগো গণৰাজ্যৰ এটি শিশুৰ দেহত প্ৰথম মানৱ সংক্ৰমণ ধৰা পৰিছিল । অতি সম্প্ৰতি এইবিধ ৰোগৰ ভাৰততো প্ৰদুৰ্ভাৱ হৈছে । শেহতীয়াভাৱে দিল্লীত ষষ্ঠগৰাকী ৰোগী নিশ্চিত কৰা হৈছে ।

বিভাগীয় মৰ্যাদাৰে শেষ বিদায় আৰক্ষী বিষয়া অমৰ গগৈক

অমৰ গগৈয়ে 2006 চনত চাকৰিত যোগদান কৰি বিগত 16 বছৰে 13 এপিবিএনত কৰ্মৰত হৈ আছিল(13th APBN Jowan Amar Gogoi) ৷ অমৰ গগৈৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে তেওঁ বাসস্থান লখিমপুৰৰ তেলাহী গাঁৱৰ লগতে ত্ৰয়োদশ আৰক্ষী বাহিনীৰ শিবিৰত ৷ অমৰ গগৈৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই ফুলেৰে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলী জনায়(Last Rites of Amar Gogoi) ।

2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

শনিবাৰে নলবাৰী নাট্য মন্দিৰত আয়োজিত চতুৰ্দশ বাৰ্ষিক সদৌ অসম ভিত্তিক ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা (14th All Assam bhaben Baruah Memorial Drama Competition)। এই অনুষ্ঠানতে 2022 বৰ্ষৰ ভবেন বৰুৱা বঁ‌টা প্ৰদান কৰা হয় বিশিষ্ট অভিনেতা দীনেশ দাসক ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত KMSS ৰ অৱস্থান ধৰ্মঘট

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বামুনবাৰী তিনিআলিত দেওবাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি লেঙেৰী আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে (KMSS Protest against price hike) ৷ লগতে গাঁৱে গাঁৱে ধান ক্রয় কেন্দ্র স্থাপন কৰা, ন্যূনতম নিৰিখত কেঁচা চাহপাতৰ মূল্য নির্ধাৰণ কৰা, চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ কেবিনেট সিদ্ধান্ত বাতিল কৰাৰ দাবীত এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS Protest at Bamunbari) ৷

Burmese supari seized: কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে ১ কোটি টকাৰ বাৰ্মিজ চুপাৰী

কাছাৰ আৰক্ষীয়ে অভিযান চলাই লাভ কৰিলে বৃহৎ সাফল্য ৷ তিনিখনকৈ ট্ৰাকৰ পৰা বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে পাচঁজনক আটক কৰে আৰক্ষীয়ে (Burmese supari seized in Karimganj) ৷

হাতত মমবাতি লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

বঙাইগাঁও জিলাৰ বালাৰচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ হাতে হাতে চাকি জ্বলাই বালাৰচৰ গাঁৱৰ শতাধিক ৰাইজ ওলাই আহিল ৰাজপথত ৷ জানিব পৰা মতে বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাঘোলা গাঁও পঞ্চায়তত যোৱা দুদিনৰ পৰা বিদ্যুৎ বিভাগে কৰ্তন কৰিছে বিদ্যুৎ সেৱা (People protest against electricity department)।

Superstar Singer2 ৰ বিজয়ী খিতাপ যোধপুৰৰ মহম্মদ ফৈজলৈ

১৪ বছৰীয়া মহম্মদ ফৈজে শনিবাৰে নিশা চুপাৰষ্টাৰ চিংগাৰ ২ বিজয় খিতাপ দখল কৰিবলৈ সক্ষম হয় (Mohammad Faiz lifts Superstar Singer 2 trophy) । আনহাতে, মণি আৰু চৈশা গুপ্তাক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয় (Mani-Sayisha Gupta declared first-second runner up) । ২৩ এপ্ৰিলত অনুষ্ঠিত প্ৰিমিয়াৰ অনুষ্ঠানটোৰ বিচাৰকৰ দায়িত্বত আছিল অলকা য়াগনিক, হিমেশ ৰেশমিয়া আৰু জাভেদ আলী (Grand finale of Superstar Singer 2) ।

২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে ৫০ তকৈ বেছি আসন নাপায় : নীতিশ কুমাৰ

বিহাৰৰ পাটনাত জেডি(ইউ)ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় (JDU state executive)। য'ত দলটোৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিক তীব্ৰ সমালোচনা কৰে ।

ঋণ পৰিশোধ কৰিব নোৱাৰি অন্ধ্ৰপ্ৰদেশত কৃষকৰ আত্মহত্যা

দেশত পুনৰ কৃষকৰ আত্মহত্যাৰ ঘটনা । এইবাৰ অন্ধ্ৰপ্ৰদেশত ৫ গৰাকী কৃষকে বাছি ল'লে আত্মহত্যাৰ পথ (Farmers committed suicide)। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই আত্মহত্যা কৃষককেইজনৰ । সংকটজনক অৱস্থাত চিকিৎসাধীন পালনাডু জিলাৰ এজন কৃষকৰ পত্নী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.