ধুবুৰী, 8 ডিচেম্বৰঃ ধুবুৰীত বন বিভাগৰ অভিযান । অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ বিপৰীতে উৎখাত হ'ল অবৈধ কাঠফলা মিল ।
![ধুবুৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-04-08dec-forest-raid-visbyte-7203850_08122019142200_0812f_1575795120_554.jpg)
ধুবুৰী বন সংমণ্ডলৰ অধীনস্থ বিভিন্ন চৰ গ্ৰামাঞ্চলত গঢ়ি উঠিছে বহু অবৈধ কাঠফলা মিল । যি সমূহ অবৈধ কাঠফলা মিলৰ জৰিয়তে একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে দীর্ঘ দিনে চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ।
![ধুবুৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-04-08dec-forest-raid-visbyte-7203850_08122019142200_0812f_1575795120_378.jpg)
ধুবুৰী বন সংমণ্ডলৰ আঞ্চলিক বন বিষয়া হৰিশ নাথৰ নেতৃত্বত বন প্ৰতিৰক্ষা বাহিনী বিনোধ কুমাৰ নাথ আৰু বন পালক-১ সাহবাজ চুলতানকে ধৰি বন বিভাগৰ এটা দলে ধুবুৰীৰ তিস্তাপাৰ অঞ্চলত অভিযান চলায় । অভিযান কালত এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ বিপৰীতে মিল সহ কিছু পৰিমাণৰ কাঠ জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটোৱে ।
![ধুবুৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-04-08dec-forest-raid-visbyte-7203850_08122019142200_0812f_1575795120_1096.jpg)
ইপিনে ধুবুৰী বন বিভাগৰ আন এক অভিযানত বৃহৎ পৰিমাণৰ চোৰাং চেগুণ কাঠ ভৰ্তি AS-16C-0979 নম্বৰৰ এখন মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে । আনহাতে, চোৰাং কাঠ আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে আঞ্চলিক বন বিষয়া হৰিশ নাথে ।