ধুবুৰী, 2 ডিচেম্বৰ : গোলকগঞ্জৰ ছাগলীয়াত চিলনী চোৰে লুটি নিলে ডেৰ লাখ টকা । অৰ্চনা ভট্টাচাৰ্য নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা লুটি নিলে বেগসহ টকাখিনি । ছাগলীয়া ষ্টেট বেংকৰ পৰা ডেৰ লাখ টকা উঠাই স্বামী মুকুল চন্দ্ৰ ৰায়ৰ লগত বাইকত উঠি ঘৰলৈ যাবলৈ লওঁতেই সংঘটিত হয় এই ঘটনা ৷ পিছফালৰ পৰা এখন বাইকত দুই চিলনী চোৰে টকাখিনি ভৰাই থোৱা বেগটো টানি লৈ যায় ৷ ফলত শিক্ষয়িত্ৰীগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
শিক্ষয়িত্ৰীগৰাকী পৰি যোৱাত চিলনী চোৰে টকা সহ বেগটো লৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত প্ৰৱেশ কৰে । ঘটনাৰ খবৰ পাই ছাগলীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈকে চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । উল্লেখ্য যে, বেগত টকাৰ লগতে আছিল প্ৰয়োজনীয় কিছু নথিপত্ৰ ।
লগতে পঢ়ক : 70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ