ধুবুৰী, 23 এপ্ৰিলঃ ধুবুৰীৰ গোলকগঞ্জৰ মা কালি ফটো ষ্টুডিঅ' দোকানত চোৰে চলালে চাফাই অভিযান । চোৰে দোকানৰ বেৰ কাটি লুটি নিয়ে দোকানখনৰ বহু সামগ্ৰী ৷
লক ডাউনৰ মাজতেই ধুবুৰীৰ গোলকগঞ্জ বজাৰত চুৰি কাণ্ড সংঘটিত হয় । গোলকগঞ্জৰ মা কালি ফটো ষ্টুডিঅ'ৰ বেৰ ভাঙি চোৰে লটি নিয়ে এটা লেপটপ, HARD-DISK,DVDসহ বহু কেইবিধ মুল্যৱান সামগ্ৰী । বৃহস্পতিবাৰে পুৱা দোকানখনৰ স্বত্তাধিকাৰী জনে ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আনহাতে,দোকানীজনে জনোৱামতে প্ৰায় ৫০ হাজাৰ টকাৰ সা-সামগ্ৰী চোৰে লুটি নিয়ে বুলি দোকানৰ স্বত্তাধিকাৰীজনে জনায় ।
লগতে পঢ়ক- অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত