পূৱ বিলাসীপাৰা,৯ মাৰ্চ: ধুবুৰী জিলাৰ পূব বিলাসীপাৰাত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনাৰ সংখ্যা । জিলাখনৰ চাপৰত এটাৰ পিছত আনটো চুৰিৰ ঘটনা সংঘটিত হৈছে । যাৰ বাবে এতিয়া নিৰাপত্তাৰ দিশত শংকিত হৈছে অঞ্চলটোৰ ৰাইজ । সোমবাৰে পুনৰ চাপৰৰ খৰিদাগোঁসাইগাঁৱৰ এঘৰত চোৰে প্ৰৱেশ কৰি লৈ যায় সোণৰ আ-অলংকাৰ আৰু বিভিন্ন সামগ্ৰী । সানোৱাৰ আলী নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে এই চুৰি কাৰ্য সংঘটিত কৰে ।
পথাৰৰ পৰা উভতি আহি পৰিয়ালৰ লোকসকলে ঘৰৰ ভিতৰৰ সামগ্ৰীবোৰ ইফালে-সিফালে পৰি থকা দেখি চুৰিৰ সন্দেহ কৰে আৰু লগে লগে চাপৰ আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে চুৰি হোৱা সোণখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা ৷ সোণৰ উপৰিও এটা ম'বাইল ফোন আৰু নগদ ৩ হাজাৰ টকা চোৰে লৈ যোৱা বুলি জানিবলৈ দিয়া ভুক্তভোগী পৰিয়ালটোৱে ।
লগতে পঢ়ক: শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈৰ মনোনয়ন দাখিল