পূৱ বিলাসীপাৰা,9 জানুৱাৰী : পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষী থানাৰ পৰা 500 মিটাৰ দুৰত্বত থকা ভকতগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড । চোৰে লুটি নিয়ে নগদ 2 লাখ 57 হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰসহ মুঠ 8 লাখ টকাৰ সা-সামগ্ৰী ।
ঘৰৰ গৰাকী কুলধৰ সিংহই জনোৱা মতে, তেওঁ সপৰিয়ালে চাপৰৰ শালকোচাত আলহী যোৱাৰ পাচতে ঘৰত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে চোৰে সংঘটিত কৰে চুৰিকাণ্ড । সন্ধিয়াৰ ভাগত ঘৰত উপস্থিত হোৱাৰ পাচতহে গৰাকীয়ে চুৰিকাণ্ড হোৱাৰ উমান পায় ৷
চুৰিকাণ্ড সন্দৰ্ভত কুলধৰ সিংহই চাপৰ আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : ৰাইজৰ দলৰ নতুন কমিটি ঘোষণা