পূৱ বিলাসীপাৰা,৬ মাৰ্চঃ চোৰৰ সন্ত্ৰাসে এতিয়া নিদ্ৰাহৰণ কৰিছে চাপৰবাসীৰ ৷ পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষী নিৱেশৰ মাত্ৰ ৩০০ মিটাৰ দূৰত্বত থকা ৰৌমাৰী গাঁৱত শুকুৰবাৰে নিশা চোৰে চলালে লুটপাত ৷ ৰৌমাৰী গাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰণৱ ৰায়ৰ ঘৰত সংঘটিত হয় এই চুৰি কাণ্ড । চোৰে কেইবালাখ টকাৰ সোণ-ৰূপৰ লগতে নগদ প্ৰায় 1.50 লক্ষাধিক টকা লুটি লৈ যায় ।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰণৱ ৰায়ে পত্নীসহ ওচৰৰে এঘৰত বিয়া খাবলৈ গৈছিল । ঠিক তেনে সময়তে ঘৰত কোনো নথকাৰ সুযোগতে চোৰে প্ৰণৱ ৰায়ৰ ঘৰত চলালে চাফাই অভিযান ৷ বিয়া খাই পৰিয়ালটো ঘৰত উপস্থিত হৈ হতভম্ব হৈ পৰে । ঘৰৰ দৰ্জা ভঙা দেখি চুৰিকাণ্ড হোৱাৰ অনুমান কৰে গৃহস্থই ৷
![চোৰৰ সন্ত্ৰাসে নিদ্ৰা হৰণ কৰিছে চাপৰ বাসীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-blp-east-06march-801805-thief-photovisualbyte-asc10022_06032021080023_0603f_1614997823_113.jpg)
লগে-লগে গৃহস্থই চাপৰ আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰে । চাপৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, বিগত দুটা মাহৰ পৰাই চাপৰত কেইবাটাও অনুৰূপ চুৰিকাণ্ড সংঘটিত হৈছে ৷ চিলনী চোৰৰ লগতে সঘনে সংঘটিত চুৰি কাণ্ডই এতিয়া চাপৰৰ সৰ্ব সাধাৰণৰ লগতে আৰক্ষীৰো নিদ্ৰাহৰণ কৰিছে ।
লগতে পঢ়কঃ মোৰ শত্ৰু AIUDF নহয়,বিজেপিহে: মুনিন মহন্ত