ধুবুৰী, 7 জানুৱাৰী: বৃহস্পতিবাৰে ধুবুৰীৰ গোলকগঞ্জত অনুষ্ঠিত হয় আক্ৰাছুৰ ২০তম শ্বহীদ দিৱস ৷ শ্বহীদ দিৱসত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়,অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হ'ব কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ ৷ দীৰ্ঘদিনে কৰি অহা প্ৰতিবাদৰ অন্ত পেলাই নিৰ্বাচনৰ পূৰ্বে আক্ৰাছুৰ নেতৃত্বত কোচ ৰাজবংশীয় লোকসকলৰ বাবে চৰ্ত সাপেক্ষে গঠন হ'ব কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ ৷
আক্ৰাছুৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা আক্ৰাছুৰ শ্বহীদ দিৱসৰ মুকলি সভাত বিত্তমন্ত্ৰী গৰাকীয়ে বিভিন্ন আঁচনিও ঘোষণা কৰে ৷ কোচ ৰাজবংশীয় জনজাতীয় লোকসকলৰ বাবে মেডিকেলত ন খনকৈ আসন সংৰক্ষিত কৰি ৰখাৰ লগতে গোলকগঞ্জত গংগাধৰ নৈৰ ওপৰত তৃতীয় খন দলং নির্মাণৰো আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ লগতে ধুবুৰীৰ গোলকগঞ্জত চিলাৰায় মহাবিদ্যালয়ত বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
![The Kamataour Autonomous Council will be formed before the assembly elections](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-7jan-minister-himanta-visbyte-as10041_07012021170249_0701f_1610019169_349.jpg)
ইপিনে,শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি ছোৱালী মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে ৷ ইয়াৰ লগতে বিত্তমন্ত্ৰী গৰাকীয়ে নিজৰ জাতিৰ বাবে জীৱন ত্যাগ কৰি শ্বহীদ হোৱা প্ৰতিটো পৰিয়ালতে একোটাকৈ চৰকাৰী চাকৰি দিয়া হ'ব বুলিও ঘোষণা কৰে ৷ ইতিমধ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত আছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলিও মন্তব্য কৰে ৷
![The Kamataour Autonomous Council will be formed before the assembly elections](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-7jan-minister-himanta-visbyte-as10041_07012021170249_0701f_1610019169_127.jpg)
উল্লেখ্য যে,আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে সভাপতিত্ব কৰা আক্ৰাছুৰ ২০সংখ্যক শ্বহীদ দিৱসৰ মকুলি সভাত প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীপৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,বিধায়ক অশ্বিনী ৰায় সৰকাৰ,বিধায়ক অশোক সিংহী কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি দ্বিজেন্দ্ৰ নাথ ভকতৰ লগতে আন বহু লোক উপস্থিত থাকে।
![The Kamataour Autonomous Council will be formed before the assembly elections](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-7jan-minister-himanta-visbyte-as10041_07012021170249_0701f_1610019169_1044.jpg)