ETV Bharat / state

হাটশিঙিমাৰীত ৰহস্যজনক অৱস্থাত শিক্ষকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 8, 2019, 3:01 AM IST

দক্ষিণ শালমাৰা জিলাত নিশা শুই থকা অৱস্থাতে উদ্ধাৰ হয় শিক্ষকজনৰ মৃতদেহ ৷ শৰীৰত আঘাতৰ চিন স্পষ্ট ৷

suicide

মানকাচৰ ,8 এপ্ৰিল : হাটশিঙিমাৰীৰ মহামায়া নগৰত ৰহস্যজনক অৱস্থাত নলবাৰীৰ টেট শিক্ষকৰ মৃতদেহ উদ্ধাৰ । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটছিঙিমাৰীৰ মহামায়া নগৰত শনিবাৰে নিশা টেট শিক্ষকজনৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ।

হাটশিঙিমাৰীত ৰহস্যজনক অৱস্থাত শিক্ষকৰ মৃতদেহ উদ্ধাৰ

ঘটনা অনুসৰি হাৰিশ জিত দাস নামৰ যুৱ শিক্ষক জনে নিশাৰ আহাৰ গ্ৰহণ কৰি বিছনালৈ যায়। ইয়াৰ পাচতে মলয় সাহা নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা শিক্ষকজন পুৱাৰ ভাগত দেৰিলৈকে টোপনিৰ পৰা নুঠাত মলয় সাহাৰ ঘৰৰ লোকে খবৰ লবলৈ যোৱাত শিক্ষকজনৰ মৃতদেহ উদ্ধাৰ হয়। ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে। শিক্ষক জনৰ মৃতদেহত বহুত আঘাৰত চিন স্পষ্ট হৈ আছে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ৷ প্ৰকৃততে এয়া হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ।

হাটশিঙিমাৰীত টেট শিক্ষকৰ মৃতদেহ উদ্ধাৰ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.