ETV Bharat / state

বিলাসীপাৰাৰ বৰকান্দাত পথ দুৰ্ঘটনা নিহত RPF জোৱান

author img

By

Published : May 30, 2020, 3:15 PM IST

গুৱাহাটী দিশে গৈ থকা WB-23 D-1933 নম্বৰ মালবাহী ট্ৰাকখনক অতিক্ৰম কৰিবলৈ লওঁতে AS 12 AC-7666 নম্বৰৰ RPFৰ টাটা চুম' গোল্ড বাহন খনৰে প্ৰচণ্ড সংঘৰ্ষ হয় । দুৰ্ঘটনাত RPFৰ পৰিদৰ্শক সুৰেন্দৰ সিং (৪০), হাবিলদাৰ মোছলেম উদ্দিন খন্দকাৰ (৫০), কনিষ্টবল ৰনজিৎ কুমাৰ হাজোং (৪৫) আৰু চালক ৰফিকুল ইছলাম (৩৫) গুৰুতৰভাৱে আহত হয় ।

Terrible road accident in Barkanda of Bilasipara
বিলাসীপাৰাৰ বৰকান্দাত ভয়ংকৰ পথ দুৰ্ঘটনাঃনিহত 1,আহত 3

পশ্চিম বিলাসীপাৰা, 30মে': লকডাউনৰ মাজতে বিলাসীপাৰাত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বিলাসীপাৰাৰ নয়াহাট বৰকান্দাৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত ৰে'ল সুৰক্ষা বাহিনীৰ বাহনেৰে এখন মালবাহী ট্ৰাকৰ সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে, গুৱাহাটী দিশে গৈ থকা WB-23 D-1933 নম্বৰ মালবাহী ট্ৰাকখনক অতিক্ৰম কৰিবলৈ লওঁতে AS 12 AC-7666 নম্বৰৰ RPFৰ টাটা চুম' গোল্ড বাহন খনৰে প্ৰচণ্ড সংঘৰ্ষ হয় ।

দুৰ্ঘটনাত RPFৰ পৰিদৰ্শক সুৰেন্দৰ সিং (৪০), হাবিলদাৰ মোছলেম উদ্দিন খন্দকাৰ (৫০), কনিষ্টবল ৰনজিৎ কুমাৰ হাজোং (৪৫) আৰু চালক ৰফিকুল ইছলাম (৩৫) গুৰুতৰভাৱে আহত হয় । ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত ৰেল সুৰক্ষা বাহিনীৰ বিষয়া, কৰ্মীসকলক উদ্ধাৰ কৰি বগৰীবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ কিন্তু আটাইকেইজনেৰে অৱস্থা সংকটজনক হৈ পৰাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে দুৰ্ঘটনাৰ ফলত চিকিৎসালয়ত কনিষ্টবল ৰনজিৎ কুমাৰ হাজোংৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এই ভয়াৱহ দুৰ্ঘটনাই অঞ্চলটোত এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়কঃজনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুৰ্নীতি সম্পৰ্কে জ্ঞাত নহয় মুখ্য কাৰিকৰী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.