ধুবুৰী, 22 ছেপ্টেম্বৰঃ ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷ ইতিমধ্যে পিয়াঁজৰ দামে হাফ চেঞ্চুৰী অতিক্ৰম পাছত ক্ৰমশঃ শতক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ৷ ৰাজ্যৰ খুচুৰা-পাইকাৰী বজাৰত কৰ্ণাটক আৰু নাছিকত বানৰ প্ৰভাৱত পিয়াঁজৰ বীজ নষ্ট হোৱাৰ প্ৰভাৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো পৰিলক্ষিত হৈছে পিয়াঁজৰ আকস্মিক মূল্যবৃদ্ধি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰী জিলাতো পিয়াঁজৰ খুচুৰা মূল্যই বৰ্তমান প্ৰতি কিলোগ্ৰামত 50-60 টকা স্পৰ্শ কৰাৰ বিপৰীতে পাইকাৰী মূল্যই স্পৰ্শ কৰিছে 45-46 টকাৰ ঘৰ ৷ মাত্ৰ এসপ্তাহৰ ব্যৱধানত পিয়াঁজৰ আকস্মিক মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰলা কৰা পৰিলক্ষিত হৈছে ৰাজ্যবাসীক ৷ চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে পিয়াঁজৰ এনে আবতৰীয়া মূল্যবৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়াহে অনাগত দিনত লক্ষণীয় হব ৷
ৰাজ্যত শতক অভিমুখী পিয়াঁজৰ দৰ - Dhubri news
ৰাজ্যত পিয়াঁজৰ হঠাৎ মূল্যবৃদ্ধি ৷ মাত্ৰ এসপ্তাহৰ ভিতৰত একুৰি দৰৰ পৰা 50 টকাৰ উৰ্ধলৈ বৃদ্ধি পিয়াঁজৰ মূল্য ৷
![ৰাজ্যত শতক অভিমুখী পিয়াঁজৰ দৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4517839-thumbnail-3x2-onion.jpg?imwidth=3840)
ধুবুৰী, 22 ছেপ্টেম্বৰঃ ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷ ইতিমধ্যে পিয়াঁজৰ দামে হাফ চেঞ্চুৰী অতিক্ৰম পাছত ক্ৰমশঃ শতক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে ৷ ৰাজ্যৰ খুচুৰা-পাইকাৰী বজাৰত কৰ্ণাটক আৰু নাছিকত বানৰ প্ৰভাৱত পিয়াঁজৰ বীজ নষ্ট হোৱাৰ প্ৰভাৱ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো পৰিলক্ষিত হৈছে পিয়াঁজৰ আকস্মিক মূল্যবৃদ্ধি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰী জিলাতো পিয়াঁজৰ খুচুৰা মূল্যই বৰ্তমান প্ৰতি কিলোগ্ৰামত 50-60 টকা স্পৰ্শ কৰাৰ বিপৰীতে পাইকাৰী মূল্যই স্পৰ্শ কৰিছে 45-46 টকাৰ ঘৰ ৷ মাত্ৰ এসপ্তাহৰ ব্যৱধানত পিয়াঁজৰ আকস্মিক মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰলা কৰা পৰিলক্ষিত হৈছে ৰাজ্যবাসীক ৷ চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে পিয়াঁজৰ এনে আবতৰীয়া মূল্যবৃদ্ধি কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়াহে অনাগত দিনত লক্ষণীয় হব ৷
Body: ৰাজ্যত বৰ্তমান পিয়াঁজে কন্দুৱাইছে গ্ৰাহকক। পিয়াঁজৰ বজাৰত জুই চাই দাম। হাফ চেঞ্চৰী অতিক্ৰম কৰি শতক অৰ্জনৰ দিশে আগবাঢ়িছে পিয়াঁজ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে ধুবুৰীতো পিয়াঁজৰ খুচুৰা মূল্য বৰ্তমান প্ৰতি কিলো ৫০-৬০ টকালৈ। আনহাতে ধুবুৰীৰ বজাৰত পিয়াঁজৰ পাইকাৰী মূল্য প্ৰতি কিলো ৪৫-৪৬ টকালৈ। হঠাৎ যোৱা এটা সপ্তাহত পিয়াঁজৰ মূল্য ২৫ টকাৰ পৰা হলগৈ ৫০-৬০ টকালৈ। কিন্তু নিমাতি কইনাৰ ভাওঁ ধৰা পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাত যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অৱশ্যে পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে শনিবাৰে কঠোৰ নিৰ্দেশনা দিছে যদিওঁ বিভাগীয় খাদ্য আৰু অসামৰিক যোগান বিভাগে এতিয়ালৈকে পিয়াঁজৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। ধুবুৰীৰ খুচুৰা বজাৰত পিয়াঁজৰ মূল্য বৰ্তমান ৫০-৬০ টকালৈ।
Byte:- খুচুৰা বিক্রেতা।
ইপিনে পিয়াঁজৰ মূল্য হুৰাহুৰে বৃদ্ধি পোৱাৰ ফলত সাধাৰণ গ্ৰাহকৰ মাজত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ।
Byte:- ক্রেতা ৰাইজ।
উল্লেখযোগ্য যে, ধুবুৰী জিলা যোগান বিভাগৰ ফালৰ পৰা প্ৰতি কিলো পিয়াঁজৰ পাইকাৰী মূল্য ৪২- ৪৫ টকা নিৰ্ধাৰণ কৰি দিয়াৰ পৰিৱৰ্তে খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে ৫০ টকা। নাসিকত বানপানী হোৱাৰ ফলতেই পিয়াঁজৰ মূল্য বৃদ্ধি হোৱা বুলি ধাৰণা কৰিছে ব্যৱসায়ী সকলে।
Byte:- পাইকাৰী বিক্রেতা।
Conclusion:লক্ষণীয় বিষয় যে, ধুবুৰী জিলা যোগান বিভাগে পিয়াঁজৰ খুচুৰা আৰু পাইকাৰী মূল্য নিৰ্ধাৰণ কৰি দিলেও ধুবুৰীৰ পিয়াঁজৰ বজাৰত খুচুৰা বেপাৰীয়ে উল্লেখ কৰা মতে পিয়াঁজৰ পাইকাৰী মূল্য হৈছেগৈ ৪৫-৪৬ টকালৈ। আনহাতে যোগান বিভাগে খুচুৰা বজাৰত ৫০ টকা নিৰ্ধাৰণ কৰি দিলেও ধুবুৰীৰ পিয়াঁজৰ খুচুৰা বজাৰত পিয়াঁজ বিক্ৰী কৰা হৈছে ৫০-৬০ টকা লৈ। ইপিনে ধুবুৰীৰ বজাৰত কেৱল পিয়াজেই নহয় আন শাক পাচলিৰ বজাৰতো জুই চাই দাম। যদিওঁ এইক্ষেত্ৰত বজাৰৰ মূল্য নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ ধুবুৰী জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।