ETV Bharat / state

ধুবুৰীত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ - বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়

অভিযুক্ত শিক্ষকক বৰ্খাস্ত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ শিক্ষাৰ্থীৰ । বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীৰ প্ৰতিবাদ । শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সকলো ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় ত্যাগ কৰাৰ হুংকাৰ ।

Dhubri
ধুবুৰীত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
author img

By

Published : Nov 3, 2021, 5:30 PM IST

ধুবুৰী,৩ নৱেম্বৰ : সমগ্ৰ শিক্ষক সমাজক কলঙ্কিত কৰিলে ধুবুৰীৰ এগৰাকী শিক্ষকে । গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিলে ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ সাতশীয়া জনকল্যাণ হাইস্কুলৰ প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডলে । প্ৰায় চাৰি মাহ পূৰ্বে এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছিল জালাল উদ্দিনৰ বিৰুদ্ধে । তেনে এক জঘন্য অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ফকিৰগঞ্জ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ ।

চাৰি বছৰৰ পাছতেই পুনৰ বিদ্যালয়ত উপস্থিত হয় প্ৰধান শিক্ষক জালাল উদ্দিন মণ্ডল । তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিদ্যালয় চৌহদ । ইফালে শিক্ষক গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ।

ধুবুৰীত শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

ধুবুৰীৰ পাৰঘাটৰ পৰাই এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে । বিশাল প্ৰতিবাদী সমদল ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত সমবেত হৈ শিক্ষক গৰাকীক চাকৰিৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনায় । ইফালে গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কত কালিমা সনা প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক :ছয়গাঁৱত ড্ৰাগছসহ এজন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.