ETV Bharat / state

অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাস্তৱ ছবি...ক'ত গ'ল মৈত্ৰী আঁচনি..... - ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সীমান্ত

আজিকোপতি অসম আৰক্ষীৰ আধুনিকীকৰণৰ মানচিত্ৰত স্থান নাপালে প্ৰায় ৬০ৰ দশকতে গঢ়ি উঠা সীমান্ত আৰক্ষীৰ এই নিৰীক্ষণ চকীখনে ৷ আনহাতে,অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা দুই এগৰাকী বিষয়াই দায়িত্বশীল ভূমিকা পালন কৰি অহা বুলি দাবী কৰি আহিছে যদিও তেওঁলোকৰ কৃপা-দৃষ্টিৰ পৰা বঞ্চিত এই নিৰীক্ষণ চকী ৷

Border Police checkpoint
অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাস্তব ছবি...
author img

By

Published : Aug 9, 2020, 5:58 PM IST

ধুবুৰী, 9 আগষ্টঃ যি সময়ত অসম আৰক্ষী বিভাগৰ আধুনিকীকৰণৰ নামত মুখ্যমন্ত্ৰীৰ গৃহবিভাগে বিভিন্ন আঁচনি গ্ৰহণ কৰি চমক প্ৰদৰ্শনৰ প্ৰয়াস কৰি আহিছে,আঁচনিৰ নামত শৰাধ কৰিছে কোটি কোটি টকা, সেই সময়তে ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সীমান্ত আৰক্ষীৰ এখন নিৰীক্ষণ চকীৰ অৱস্থা দেখিলে চৰকাৰৰ ওপৰত জাঙুৰ খাই উঠিব আপুনিও ৷ দিনে-নিশা জনসাধাৰণৰ সুৰক্ষাৰ খাতিৰত সীমান্তত তহলদাৰী জোৱানক সুদীৰ্ঘ 20 বছৰে ৰখা হৈছে এটা গোহালী সদৃশ ঘৰত ৷ এটা এটা কোঠা বাঁহৰ বেৰৰ,অৱস্থা তেনেই তথৈবচ ৷ আনফালে এটা কোঠালীৰ বেৰ একাংশ ভাগি-চিগি ধোবাংবাং ৷

উল্লেখযোগ্য যে,ধুবুৰী জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশাল ৰামৰাইকুটিত অৱস্থিত এইখন সীমান্ত আৰক্ষীৰ নিৰীক্ষণ চকীত নিয়োজিত হৈ আছে মাত্ৰ দুগৰাকী আৰক্ষীৰ লোক ৷ কিন্তু সেই দুগৰাকীৰ বাবেও বহাৰ ব্যৱস্থা নাই নিৰীক্ষণ চকীখনত ৷ এয়াই ধুবুৰী জিলাৰ সীমান্ত আৰক্ষী তথা "চেকেণ্ড লাইন অৱ ডিফেন্চ"ৰ বাস্তৱ ছবি ৷

লগতে পঢ়কঃ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ

আজিকোপতি অসম আৰক্ষীৰ আধুনিকীকৰণৰ মানচিত্ৰত স্থান নাপালে প্ৰায় ৬০ৰ দশকতে গঢ়ি উঠা সীমান্ত আৰক্ষীৰ এই নিৰীক্ষণ চকীখনে ৷ আনহাতে,অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা দুই এগৰাকী বিষয়াই দায়িত্বশীল ভূমিকা পালন কৰি অহা বুলি দাবী কৰি আহিছে যদিও তেওঁলোকৰ কৃপা-দৃষ্টিৰ পৰা বঞ্চিত এই নিৰীক্ষণ চকী ৷

মুখ্যমন্ত্ৰীৰ গৃহবিভাগৰ গুৰুত্বৰ পৰা বঞ্চিত কেৱল এখন আৰক্ষী চকীৰ তথ্য হে আমাৰ হাতত আছে তেনে নহয় ৷ অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নীৰ ৰনখামস্থিত অসম আৰক্ষীৰ চাউনীটোৰ অৱস্থাও একেই তথৈবচ ৷ নগাৰ আগ্ৰাসন আৰু উপদ্ৰৱৰ পৰা জনসাধাৰণক ৰক্ষাৰ উদ্দেশ্যে 2015 চনতে ৰনখামত নিৰ্মাণ কৰা হৈছিল এই বি অ পিটো ৷ কিন্তু মেৰামতিৰ অভাৱত জহি-খহি গৈছিল চাউনীতো ৷ অৱশেষত চৰকাৰৰ আশা এৰি চাউনিটো পুনৰ নিৰ্মাণত নামি পৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

লগতে পঢ়কঃ ঠেলামৰাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে ইটিভি ভাৰতৰ গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট...

এতিয়া প্ৰশ্ন হয় কিয় এই সকলোবোৰ দেখিও নিমাত আৰক্ষীৰ বৰমূৰীয়াসকল ? কিয় জোৱানৰ প্ৰতি তিলমানো দৰদ নাই দিছপুৰৰ ? ইমানৰ পাছতো আৰক্ষী চকীৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ উদাসীনতাৰ অন্ত পৰিব নে ? কেতিয়া দৃষ্টি গোচৰ হব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ? সেয়া এক বৃহৎ প্ৰশ্ন ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.