ETV Bharat / state

prohibition on boat launches : নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা, যাত্ৰীৰ মাজত হাহাকাৰ - prohibition on boat launches

নাওঁ-লঞ্চৰ চলাচলত নিষেধাজ্ঞা দক্ষিণ শালমাৰা জিলা প্ৰশাসনৰ । লেছি, নাৱৰীয়াৰ মইমতালিৰ বাবে ধুবুৰীৰ পাৰঘাটত আৱদ্ধ শ শ যাত্ৰী ।

prohibition on boat launches
নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা
author img

By

Published : Jun 17, 2023, 10:14 AM IST

নাওঁ লঞ্চৰ চলাচলত নিষেধাজ্ঞা

ধুবুৰী, 17 জুন : দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে জিলাখনৰ নদী পথত নাওঁ অথবা লঞ্চৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতেই জিলাখনৰ ভিন্ন প্ৰান্তৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । দৰাচলতে, সাগৰীয় ঘূৰ্ণিবতাহ বিপৰ্যয়ৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট । বিপৰ্যয়ৰ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পাবলৈ জিলা প্ৰশাসনে যোৱা 15 জুনৰ পৰা অহা 19 জুনলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নদী পথত সকলো প্ৰকাৰৰ নাওঁ, লঞ্চৰ চলাচল বন্ধ ঘোষণা কৰে ।

অৰেঞ্জ জ’নত থকা দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে নাওঁ চলাচল বন্ধ কৰাৰ পিছতেই ধুবুৰীৰ পাৰঘাটত আৱদ্ধ হৈ পৰে দক্ষিণ পাৰৰ শ শ যাত্ৰী । ৰাতিপুৱা দক্ষিণ শালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰা নাওঁ বা লঞ্চৰ জৰিয়তে ধুবুৰী পাৰঘাটত উপস্থিত হয় যাত্ৰীসকল । অৱশ্যে শুকুৰবাৰৰ পুৱাৰ ভাগত জিলা প্ৰশাসনে নাওঁ বা লঞ্চৰ চলাচলত কোনো বাধা দিয়া নাছিল, যদিও বিয়লি তিনি মান বজাত নাওঁ বা লঞ্চৰ চলাচলত বাধা প্ৰদান কৰে ধুবুৰী জিলা প্ৰশাসনে । উল্লেখ্য যে, ফকিৰগঞ্জ আৰু পাটাকাটা অঞ্চলৰ যাত্ৰীবাহী লঞ্চৰ যাবলৈ অনুমতি দিয়া হৈছে যদিও দক্ষিণ শালমাৰা আৰু ফুলবাৰীলৈ যাবলগীয়া দুখন যাত্ৰীবাহী লঞ্চৰ যাতায়তৰ অনুমতি প্ৰদান নকৰে জিলা প্ৰশাসনে ।

এই সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । উল্লেখনীয় বিষয় যে, বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে নাওঁ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল, যদিও লেছিৰ নেতৃত্বত একাংশ নাওৰীয়াই নাওঁ আৰু লঞ্চৰ জৰিয়তে যাত্ৰীসকলক ৰাতিপুৱাৰ ভাগত ধুবুৰীলৈ লৈ আনিছিল । কিন্তু যাত্ৰীসকল ঘৰলৈ উভতি যোৱাৰ সময়ত প্ৰশাসন নিষেধাজ্ঞা জাৰি কৰাত ধুবুৰী পাৰঘাটত সৃষ্টি হয় তীব্র প্ৰতিক্ৰিয়াৰ । লেছি আৰু নাৱৰীয়াই প্ৰশাসনৰ নিষেধাজ্ঞাৰ বিষয়ে অৱগত হোৱাৰ পিছতো টকাৰ লোভত পুৱাৰ ভাগত শ শ যাত্ৰী লৈ ধুবুৰীত উপস্থিত হয় বুলি ভুক্তভোগীয়ে অভিযোগ তোলে । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ যাত্ৰীয়ে ।

ইপিনে দক্ষিণ শালমাৰা জিলা প্ৰশাসনে বৃহস্পতিবাৰে নিৰ্দেশনা জাৰি কৰিছে যদিও পৰৱৰ্তী দিনটোতহে লেছিয়ে খবৰ লাভ কৰা বুলি দায়সৰা মন্তব্য কৰে লেছিৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক : Eviction in Tinsukia : দিহিং নৈৰ টাপুত উচ্ছেদ অভিযান, ৰাইজৰ মাজত চৰম উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.