ETV Bharat / state

দক্ষিণ শালমাৰা সীমান্তত গৰুৰ চোৰাং ব্যৱসায়ীৰ ত্ৰাস - দক্ষিণ শালমাৰা সীমান্তত গৰুৰ চোৰাং ব্যৱসায়

সুদীৰ্ঘ বছৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা উন্মুক্ত সীমান্তৰে গৰুৰ চোৰাং ব্যৱসায় চলি আহিছে ৷ কিন্তু শাসনাধীন কোনো এখন চৰকাৰেই বন্ধ কৰিবলৈ সক্ষম নহ'ল এই আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং বেহা ৷ ধুবুৰী, গৌৰীপুৰ, বন্দিহানা, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, খাৰুৱাবান্দা, সুখচৰ আদি এলেকাৰ বিভিন্ন চৰাঞ্চলেৰে প্ৰতিদিনে পাৰ কৰা হয় জাকে জাকে চোৰাং গৰু ৷ নাঁৱেৰে বাংলাদেশলৈ চালান দিয়া হৈছে শ শ পশুধন ৷

দক্ষিণ শালমাৰা সীমান্ত
গৰুৰ চোৰাং ব্যৱসায়ীৰ ত্ৰাস
author img

By

Published : Jan 13, 2020, 9:24 PM IST

ধুবুৰী,13 জানুৱাৰীঃ দক্ষিণ শালমাৰাৰ সীমান্তত উত্তেজনা ৷ চৰকাৰী পক্ষ আৰু অসম আৰক্ষীৰ ৰহস্যজনক নিৰৱতাৰ সুযোগ লৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তত একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে গৰুৰ চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীয়ে ৷ ফলত নিৰাপত্তাহীনতাত ভূগিছে সীমান্ত সুৰক্ষা বাহিনী ৷ সুদীৰ্ঘ বছৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা উন্মুক্ত সীমান্তৰে গৰুৰ চোৰাং ব্যৱসায় চলি আহিছে ৷ কিন্তু শাসনাধীন কোনো এখন চৰকাৰেই বন্ধ কৰিবলৈ সক্ষম নহল এই আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং বেহা ৷ ধুবুৰী, গৌৰীপুৰ, বন্দিহানা, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, খাৰুৱাবান্দা, সুখচৰ আদি এলেকাৰ বিভিন্ন চৰাঞ্চলেৰে প্ৰতিদিনে পাৰ কৰা হয় জাকে জাকে চোৰাং গৰু ৷ নাঁৱেৰে বাংলাদেশলৈ চালান দিয়া হৈছে শ শ পশুধন ৷ বিগত সপ্তাহত সীমান্তৰ মহামায়াৰ চৰত বি এছ এফৰ সৈতে সংঘৰ্ষ হৈছিল চোৰাং গৰু সৰবৰাহকাৰীৰ। ফলত বি এছ এফৰ গুলিত এজন নিহত হোৱাৰ বিপৰীতে গুলিবিদ্ধ হৈ আহত হৈছিল আন তিনিজনকৈ লোক ।

দক্ষিণ শালমাৰা সীমান্তত গৰুৰ চোৰাং ব্যৱসায়ীৰ ত্ৰাস

উল্লেখ্য যে, মহামায়াৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওতেই দেওবাৰে পুৱতি নিশা পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় দক্ষিণ শালমাৰা সীমান্তৰ ঘোঁৰামাৰা ফুলকাকাটা অঞ্চলত । একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে গৰু বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা কৰোতেই তহলদাৰী বি এছ এফ জোৱানে বাধা প্ৰদান কৰাৰ সময়তেই বি এছ এফৰ জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে চোৰাংকাৰীয়ে । পিছত বি এছ এফ জোৱানে উপায়ান্তৰ হৈ আত্মৰক্ষাৰ বাবে গুলিচালনা কৰে । ফলত থিতাতে নিহত হয় সমেজ আলী নামৰ এজন চোৰাং সৰবৰাহকাৰী ৷ লগেত একাংশ চোৰাংচিকাৰীয়ে কাঢ়ি লৈ যায় বি এছ এফৰ চাৰ্ভিছ ৰাইফল ৷ একাংশ সচেতন ৰাইজৰ তৎপৰতাত আজি দুপৰীয়াৰ ভাগত বি এছ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বি এছ এফ জোৱানৰ চাৰ্ভিছ ৰাইফল ৷ এই সংঘৰ্ষত এজন চোৰাংকাৰী নিহত হোৱাৰ বিপৰীতে দুজনকৈ বি এছ এফ জোৱান আহত হয় । ইয়াৰে সুনীল কুমাৰ নামৰ এজন জোৱান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধুবুৰী অসামৰিক চিকিৎসালয়ত ।

দক্ষিণ শালমাৰা সীমান্ত
চোৰাং ব্যৱসায়ীৰ আক্ৰমণত আহত জোৱান

অভিযোগ অনুসৰি অসম আৰক্ষীয়ে নিয়মিত ভাবে মাহেকীয়াকৈ কোটি কোটি টকা লৈ অনুমতি প্ৰদান কৰি আহিছে গৰু সৰবৰাহৰ বাবে ৷ যাৰ বাবেই নিমাত আৰক্ষী প্ৰশাসন ৷ এতিয়াওঁ ধুবুৰী আৰক্ষীৰ জালত নপৰিল কেইবাজনো কুখ্যাত গো মাফিয়া ৷ শেহতীয়াকৈ সীমান্তত সংঘটিত দুটাকৈ ঘটনাক কেন্দ্ৰ কৰিয়েই সীমান্তত চেপা উত্তেজনা বিৰাজ কৰিছে ৷ সীমান্তৰ গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ লগতে স্মাৰ্ট ফেনচিঙৰ জৰিয়তে সীমান্ত ছিল কৰাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ আনকি স্মাৰ্ট ফেনচিঙৰ কাম কৰাৰ পিছত বৰ্তমান পূৰ্বতকৈ বৃদ্ধিহে পোৱা দেখা গৈছে গৰুৰ চোৰাং কাৰবাৰ আৰু অপৰাধ জনিত ঘটনা ৷

আৰু পঢ়ক : NDFB(S) অস্ত্ৰ সম্বৰণঃ কি চৰ্তত মান্তি হ'ল আলোচনাত বহিবলৈ !

Intro: দক্ষিণ শালমাৰাৰ সীমান্তত উত্তেজনা। চৰম সীমা অতিক্ৰম কৰিছে নেকি আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ব্যৱসায়ীয়ে। যোৱা কেইটাদিন ধৰি দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰে সংঘৰ্ষ হৈছে চোৰাং গৰু বেপাৰীৰ। অসম আৰক্ষীৰ ৰহস্যজনক নিৰৱতাৰ সুযোগ লৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে চোৰাং গৰু বেপাৰী আৰু সৰবৰাহকাৰীয়ে। ফলত নিৰপত্তাহীনতাত ভুগিছে সীমান্ত সুৰক্ষা বাহিনী।

Body: ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তত আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং কাৰবাৰীৰ সন্ত্ৰাস। আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তাহীনতাত ভুগিছে স্বয়ং দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী। সুদীৰ্ঘ বছৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা উন্মুক্ত সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ চলি আহিছে। কিন্তু কংগ্ৰেছেই হওঁক বা বিজেপিয়েই হওঁক কোনো এখন চৰকাৰে বন্ধ কৰিবলৈ সক্ষম নহল এই আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং কাৰবাৰ।

বিশেষকৈ চৰকাৰ পক্ষ আৰু অসম আৰক্ষীৰ ৰহস্যজনক মৌনতাৰ বাবে সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে গৰুৰ অবৈধ চোৰাং কাৰবাৰ। বৰ্তমান খৰালি কালত এইদৰে ধুবুৰী, গৌৰীপুৰ, বন্দিহানা, ফকিৰগঞ্জ, দক্ষিণ শালমাৰা, খাৰুৱাবান্দা, সুখচৰ আদি এলেকাৰ বিভিন্ন চৰাঞ্চলেৰে প্ৰতিদিনে পাৰ কৰা হৈছে জাকে জাকে চোৰাং গৰু। নাৱেৰে এইদৰে গৰু সমূহ সীমান্ত লৈ নি সুযোগ বুজি সীমান্তৰে বাংলাদেশলৈ চালান দিয়া হৈছে শ শ পশুধন। যদিওঁ আৰক্ষীৰ চকুৰ সন্মুখেদি এনেদৰে জাকে জাকে গৰু সৰবৰাহ কৰাৰ পিছতো অসম আৰক্ষী অৱলম্বন কৰিছে মৌনতা। যাৰ ফলত ধুবুৰী দক্ষিণ শালমাৰাৰ একাংশ গো মাফিয়াই সীমান্তত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। যোৱা সপ্তাহত সীমান্তৰ মহামায়াৰ চৰত বি এছ এফৰ সৈতে সংঘৰ্ষ হৈছিল চোৰাং গৰু সৰবৰাহকাৰীৰ। ফলত বি এছ এফৰ গুলিত এজন নিহত হোৱাৰ বিপৰীতে গুলিবিদ্ধ হৈ আহত হৈছিল আন তিনিজনকৈ লোক। এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তত চেপা উত্তেজনাৰ মাৰ নৌযাওঁতেই দেওবাৰে পুৱতি নিশা পুণৰ অনুৰূপ ঘটনা সংঘটিত হয় দক্ষিণ শালমাৰা সীমান্তৰ ঘোঁৰামাৰা ফুলকাকাটা অঞ্চলত।

জানিব পৰামতে, একাংশ গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে গৰু বাংলাদেশলৈ চালান দিয়াৰ চেষ্টা কৰোঁতে তহলধাৰী বি এছ এফ জোৱানে বাধা প্ৰদান কৰে। এনেতে চোৰাংকাৰীয়ে বি এছ এফৰ জোৱানক আক্ৰমণ কৰে চোকা অস্ত্ৰৰে। পিছত বি এছ এফ জোৱানে উপায়ান্তৰ হৈ আত্মৰক্ষাৰ বাবে গুলিচালনা কৰে। ফলত থিতাতে নিহত হয় সমেজ আলী নামৰ এজন চোৰাংকাৰী। ইপিনে একাংশই বি এছ এফৰ চাৰ্ভিছ ৰাইফল চোৰাংকাৰীয়ে কাঢ়ি লৈ যায়। যদিওঁ স্থানীয় একাংশ সচেতন ৰাইজৰ তৎপৰতাত আজি দুপৰীয়াৰ ভাগত বি এছ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বি এছ এফ জোৱানৰ চাৰ্ভিছ ৰাইফল। এই সংঘৰ্ষত এজন চোৰাংকাৰী নিহত হোৱাৰ বিপৰীতে দুজনকৈ বি এছ এফ জোৱান আহত হয়। ইয়াৰে সুনীল কুমাৰ নামৰ এজন জোৱান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধুবুৰী অসামৰিক চিকিৎসালয়ত।

অভিযোগ অনুসৰি অসম আৰক্ষীয়ে নিয়মিত ভাবে মাহেকীয়াকৈ কোটি কোটি টকা লৈ চোৰাং গৰু বেপাৰীৰ সৈতে স্থাপন কৰিছে এক মধুৰ গোপন সম্পৰ্ক। যাৰ বাবেই নিমাত আৰক্ষী প্ৰশাসন। কেইদিনমান পূৰ্বে ধুবুৰী আৰক্ষীয়ে কেইজন মান গৰুৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিয়েই যেন এতিয়া দায়িত্ব সমৰিছে। এতিয়াওঁ ধুবুৰী আৰক্ষীৰ জালত নপৰিল কেইবাজনো কুখ্যাত গো মাফিয়া। আৰক্ষীৰ নিৰৱতাৰ বাবেই এনে গৰুৰ চোৰাং কাৰবাৰ বৃদ্ধি পাইছে বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ সীমান্তত সংঘটিত দুটাকৈ ঘটনাক কেন্দ্ৰ কৰি সীমান্তত চেপা উত্তেজনা বিৰাজ কৰিছে বৰ্তমানে।

Conclusion: উল্লেখযোগ্য যে, সীমান্তৰ গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ লগতে স্মাৰ্ট ফেনচিঙৰ জৰিয়তে সীমান্ত ছিল কৰাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আনকি স্মাৰ্ট ফেনচিঙৰ কাম কৰাৰ পিছত বৰ্তমান পূৰ্বতকৈ বৃদ্ধিহে পোৱা দেখা গৈছে গৰুৰ চোৰাং কাৰবাৰ আৰু অপৰাধ জনিত ঘটনা। কিন্তু চোৰাং গৰু বেপাৰী তথা গো মাফিয়াক নাকী লগাব নোৱাৰিলে অনাগত দিনত সীমান্তৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা ন্যুই কৰিব নোৱাৰি।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.