ETV Bharat / state

দক্ষিণ শালমাৰাৰ হাজিৰহাট সমবায় সমিতিত দুৰ্নীতি - assam news

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰতিজন সুলভ মূল্য গ্ৰাহকৰ পৰা 5 কিলোগ্ৰামৰ বিপৰীতে 4 কিলোগ্ৰামৰ চাউল গ্ৰাহকক দি প্ৰতিজন গ্ৰাহকৰ পৰা 1 কিলোগ্ৰামকৈ চাউল আত্মসাৎ কৰাৰ উপৰি কেৰাচিন তেল প্ৰতিখন ৰেচন কাৰ্ডত তিনি লিটাৰৰ বিপৰীতে আঢ়ৈ লিটাৰ কৈ দি আধা লিটাৰ কৈ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ হাজিৰহাট সমবায় সমিতিৰ একাংশ গ্ৰাহকৰ ৷

দক্ষিণ শালমাৰাৰ হাজিৰহাট সমবায় সমিতিত দুৰ্নীতি
author img

By

Published : Jun 27, 2019, 2:19 PM IST

ধুবুৰী, 27 জুনঃ দক্ষিণ শালমাৰাৰ হাজিৰহাট সমবায় সমিতিত বিয়াগোম দুৰ্নীতিৰ অভিযোগ । গ্ৰাহকক ৰাম ঠগন দি লুটিছে কুইন্টলে কুইন্টলে চাউল আৰু কেৰাচিন । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰৰ দিনত মানকাচৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা হাজিৰহাট সমবায় সমিতিৰ প্ৰতিজন গ্ৰাহকক দি আহিছে ৰামঠগন ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰতিজন সুলভ মূল্য গ্ৰাহকৰ পৰা 5 কিলোগ্ৰামৰ বিপৰীতে 4 কিলোগ্ৰামৰ চাউল গ্ৰাহকক দি প্ৰতিজন গ্ৰাহকৰ পৰা 1 কিলোগ্ৰামকৈ চাউল আত্মসাৎ কৰাৰ উপৰি কেৰাচিন তেল প্ৰতিখন ৰেচন কাৰ্ডত তিনি লিটাৰৰ বিপৰীতে আঢ়ৈ লিটাৰ কৈ দি আধা লিটাৰ কৈ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ হাজিৰহাট সমবায় সমিতিৰ একাংশ গ্ৰাহকৰ ৷ ঘটনা সন্দৰ্ভত দক্ষিণ শালমাৰা মানকাচৰ উপায়ুক্তক এখন লিখিত অভিযোগ গ্ৰাহকে দাখিল কৰিছে যদিওঁ আজিলৈ কোনো সঁহাৰি পোৱা নাই । আনহাতে, বিভাগীয় নিয়ম মতে এক লিটাৰ নীলা কেৰাচিন তেলৰ মূল্য 32 টকা কিন্তু সমবায় কৰ্তৃপক্ষই 40 টকাকৈ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷

দক্ষিণ শালমাৰাৰ হাজিৰহাট সমবায় সমিতিত দুৰ্নীতি

উল্লেখযোগ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰ তথা জিলা প্ৰশাসনে হাজিৰহাট সমবায় সমিতিৰ এই দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় বিষয় হৈ পৰিছে ৷

Intro:দক্ষিণ শালমাৰাৰ হাজিৰহাট সমবায় সমিতিত বিয়াগোম দুৰ্নীতিৰ অভিযোগ। গ্ৰাহকক ৰাম ঠগণ দি লুটিছে কুইন্টল কুইন্টল চাউল আৰু নীলা কেৰাচিন।Body:দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰৰ দিনত দঃশালমাৰা মানকাচৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা হাজিৰহাট সমবায় সমিতিৰ প্ৰতিজন গ্ৰাহকক দি আছে ৰামঠগন ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰতি জন সুলভ মূল্য গ্ৰাহকৰ পৰা ৫ কিলোগ্ৰামৰ বিপৰীতে ৪ কিলোগ্ৰামৰ চাউল গ্ৰাহকক দি প্ৰতিজন গ্ৰাহকৰ পৰা ১ কিলোগ্ৰামকৈ চাউল আত্মসাৎ কৰাৰ উপৰি নীলা কেৰাচিন তেল প্ৰতিখন ৰেচন কাৰ্ডত তিনি লিটাৰৰ বিপৰীতে আঢ়ৈ লিটাৰ কৈ দি আধা লিটাৰ কৈ আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ হাজিৰহাট সমবায় সমিতিৰ একাংশ গ্ৰাহকৰ৷ ইয়াৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে গ্ৰাহকে। যদিওঁ আজিলৈ কোনো সঁহাৰি পোৱা নাই গ্ৰাহকে। আনহাতে বিভাগীয় নিয়ম মতে এক লিটাৰ নীলা কেৰাচিন তেলৰ মূল্য ৩২ টকা কিন্তু সমবায় কতৃ’পক্ষই ৪০ টকাকৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ Conclusion:উল্লেখযোগ্য যে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি অৱলম্বন কৰা বিজেপি চৰকাৰ তথা জিলা প্ৰশাসনে হাজিৰহাট সমবায় সমিতিৰ এই দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষনীয় বিষয় হৈ পৰিছে ৷

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.