পূৱ বিলাসীপাৰা, 27 মে': ধুবুৰী জিলাৰ চাপৰ নগৰৰ সীমান্তবৰ্তী বঙাইগাঁও জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ সুতিৰমুখ অঞ্চলৰ প্ৰায় 10 খনকৈ গাঁৱৰ ৰাইজে এতিয়া দুৰ্ভোগ ভুগিছে এখন দলঙৰ অভাৱত ৷ গাঁওকেইখনৰ যাতায়তৰ একমাত্ৰ সমল ম'ৰা চম্পাৱতী নদীৰ ওপৰত থকা বাঁহৰ দলংখন ভাঙি যোৱাত গাঁৱৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে শ শ ৰাইজ, ওলাব পৰা নাই ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীও । কিন্তু এই সমস্যা আজি বা কালিৰ নহয় এই সমস্যা হৈছে দীৰ্ঘদিনীয়া ৷ কিন্তু কাণসাৰ নাই দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ ৷ আনকি নিৰ্বাচনৰ পিছতে সন্ধানহীন হৈ থকা সমষ্টিৰ বিধায়ক গৰাকীক বিচাৰি হাবাথুৰি খাব লগা হৈছে অঞ্চলবাসী ৰাইজে ৷ কাৰণ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চললৈ নাহে জনপ্ৰতিনিধি, নাহে চৰকাৰী বিষয়া-কৰ্মচাৰীও ।
ইপিনে, তিনি দিন ধৰি বহিঃজগতৰ লগত সম্পৰ্ক নথকা সুতিৰমুখ অঞ্চলৰ ৰাইজ অৱশেষত আজি হাতে হাতে দা, বাঁহ লৈ ওলাই আহিল ভঙা দলং মেৰামতিৰ বাবে । বাইক-চাইকেল নহয়, মানুহ অহা-যোৱা কৰিব পৰাকৈ মেৰামতি কৰি ল'লে ভঙা দলংখন ৷ ৰাইজৰ অভিযোগ, প্ৰত্যেক পাঁচ বছৰত এবাৰকৈ দেখা পায় সাংসদ-বিধায়কক । যাৰ বাবে নিৰ্বাচিত সাংসদ-বিধায়কক চিনিকে নাপায় অঞ্চলটোৰ ৰাইজে ৷ আনহাতে, বিধায়ক উন্নয়ন পুঁজি তথা চৰকাৰী আঁচনিসমূহৰ ধন প্ৰকৃতাৰ্থত ক'ত খৰছ হয় তাকে লৈ প্ৰশ্ন এতিয়া সমষ্টিটোৰ ৰাইজৰ ৷
লগতে পঢ়কঃশ্ৰমিকৰ মাজত উপস্থিত বিধায়ক ৰূপজ্যোতি