ETV Bharat / state

এছ আই নিযুক্তি আৰু ছাত্ৰ বৃত্তি কেলেংকাৰীঃ সংখ্যালঘু কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 2, 2020, 4:58 PM IST

ধুবুৰীত সংখ্যালঘু কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল ধুবুৰীৰ ৰাজীৱ ভৱন ৷ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী প্ৰতিবাদকাৰীৰ ৷ অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী কৰাৰ লগতে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰো উচিত তদন্তৰ দাবী প্ৰতিবাদকাৰীৰ ৷

এছ আই নিযুক্তি আৰু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্তৰ দাবীত সংখ্যালঘু কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী, 2 অক্টোবৰ: মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ধুবুৰীত সংখ্যালঘু কংগ্ৰেছৰ প্ৰতিবাদ ৷ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি আৰু সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ ৷ শুকুৰবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ধুবুৰীৰ ৰাজীৱ ভৱন উত্তাল কৰি তোলে ৷

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী ধুবুৰী সংখ্যালঘু কংগ্ৰেছৰ

সংখ্যালঘু কংগ্ৰেছৰ ফালৰ পৰা ৰূপায়ণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে অসমৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ৫০০ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ দাবী জনায় ৷ আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী মহিবুল হকে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে।
লগতে পঢ়ক: বিভিন্ন দাবীৰে নগাঁৱত আছাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.