ETV Bharat / state

বিলাসীপাৰাত নৈপৰীয়া লোকৰ কাষত ছামছুল হুদা

author img

By

Published : Jun 27, 2021, 2:08 PM IST

যন্ত্ৰচালিত নাৱেৰে চাপৰৰ বিভিন্ন গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰিলে পূৱ-বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই ৷ চাপৰৰ ধীৰেৰচৰ-তাৰাংগাপুৰ,পুঠিমাৰী অঞ্চলৰ চম্পাৱতী নৈৰ গৰাখহনীয়া আৰু নৈপৰীয়া ৰাইজৰ লগত মত-বিনিময় কৰে বিধায়ক গৰাকীয়ে।

A_BLP_EAST_Shamsul_Huda_is_at_bilasipara_ASC10022
বিলাসীপাৰাৰ নৈ পৰীয়া লোকৰ কাষত ছামছুল হুদা

পূৱ-বিলাসীপাৰা, ২৭ জুন : গৰাখহনীয়া ৰোধৰ বাবে বিশেষ তৎপৰ হৈ পৰিছে বিধায়ক ছামছুল হুদা ৷ বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে এইবাৰ নাৱৰীয়াৰ ৰূপত পূৱ-বিলাসীপাৰা সমষ্টিৰ বিধায়কগৰাকীক । যন্ত্ৰচালিত নাৱেৰে চাপৰৰ বিভিন্ন গৰাখহনীয়া ঠাই পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে । চাপৰৰ ধীৰেৰচৰ-তাৰাংগাপুৰ,পুঠিমাৰী অঞ্চলৰ চম্পাৱতী নৈৰ গৰাখহনীয়া আৰু নৈপৰীয়া ৰাইজৰ লগত মত-বিনিময় কৰে বিধায়ক গৰাকীয়ে।

দীৰ্ঘদিনৰ পৰা ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বেকী আৰু চম্পাৱতী নৈয়ে ভয়াৱহ ৰূপ ধাৰন কৰাত অঞ্চলবাসীৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে ৷ সমষ্টিটোৰ কালগাছিয়াৰ আন আন ঠাইৰ লগতে চাপৰৰ ধীৰেৰচৰ-তাৰাংগাপুৰ,পুঠিমাৰী আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ গুইলেজা গাঁৱতো আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া ৷ ইতিমধ্যে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ গৰাখহনীয়াৰ কৱলত পৰিছে । ভয়ংকৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে বেকী নৈত উটি গৈছে চাৰিখনকৈ ৰাজহ গাঁও ।

বিলাসীপাৰাত নৈপৰীয়া লোকৰ কাষত ছামছুল হুদা

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰন কৰি চাপৰৰ ধীৰেৰচৰ-তাৰাংগাপুৰ,পুঠিমাৰী আৰু কলগাছিয়া ৰাজহ চক্ৰৰ গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিশ্চিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰি চৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷ যাৰ ফলত বিনিদ্ৰাই নিশা পাৰ কৰিছে নৈ পৰীয়া ৰাইজ ।

তাপোৰপৰি,খহনীয়াৰ কৱলত পৰি আপোন ঘৰখন হেৰুৱাই নিৰাপদ স্থানত আশ্ৰয় লৈছে একাংশ ভুক্তভোগী লোকে । ঘৰ-দুৱাৰ হেৰুৱাই পদ পথত আশ্ৰয়লৈ থকা লোক সকলে চৰকাৰক বিভিন্ন আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াত এইবেলি সমষ্টিবাসীৰ বাবে তৎপৰ হৈ পৰিছে স্থানীয় বিধায়ক ছামছুল হুদা ৷

ৰাইজৰ লগত মত-বিনিময় কৰি সমাগত বানৰ সময়ত যাতে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহয় তাৰ বাবেও তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ আশ্বস প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ বিশেষকৈ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চম্পাৱতী নৈ আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বাৰিষা কালত কাল ৰূপ ধাৰণ কৰি আহিছে। এইবেলি গৰাখহনীয়া ৰোধৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰা বুলিও বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কলগাছিয়াৰ গুইলেজাত অব্যাহত বেকী নদীৰ গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.