ETV Bharat / state

Bilasipara Moral Policing: বিলাসীপাৰাৰ গণ প্ৰহাৰ ঘটনাৰ লগত জড়িত দুই মূল অভিযুক্তসহ 7 জনক আটক - মৰেল পুলিচিং

যোৱা 25 ছেপ্টেম্বৰৰ নিশা বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত যমদুৱাৰ 2 য় খণ্ড গাঁৱত চোৰৰ সন্দেহত এজন যুৱকক গণ প্ৰহাৰ চলোৱা ঘটনাত জড়িত 2 মূল অভিযুক্তসহ 7 জনক গ্ৰেপ্তাৰ ৷

Bilasipara Moral Policing
মৰেল পুলিচিং ঘটনাৰ লগত জড়িত দুই মুল অভিযুক্ত সহ ৭ ক আটক
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 11:02 AM IST

মৰেল পুলিচিং ঘটনাৰ লগত জড়িত দুই মুল অভিযুক্ত সহ ৭ ক আটক

বিলাসীপাৰা, 27 ছেপ্টেম্বৰ: বিলাসীপাৰা আৰক্ষীৰ জালত পৰিল যোৱা 25 ছেপ্টেম্বৰৰ গণ প্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তসহ 7 জন ৷ চোৰৰ সন্দেহত সোমবাৰ তথা 25 ছেপ্টেম্বৰৰ নিশা বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত যমদুৱাৰ 2 য় খণ্ড গাঁৱত একাংশ ৰাইজে এজন যুৱকক দুই হাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পিচতেই এই গণ প্ৰহাৰৰ দৃশ্য সামাজিক মাধ্যমত ব্যাপকভাৱে বিয়পি পৰে ৷

চোৰৰ সন্দেহত এজন যুৱকক এনেদৰে দুহাত বান্ধি অতি নিৰ্মমভাৱে মাৰ-পিট কৰা ঘটনাক ধিক্কাৰ জনাইছিল বিভিন্ন দল-সংগঠনে । সংবাদ মাধ্যমত গণ প্ৰহাৰৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিচতেই বিলাসীপাৰা অভিযুক্তক আটক কৰিবলৈ আৰক্ষী তৎপৰ হৈ পৰে । ঘটনা সন্দৰ্ভত মঙলবাৰে নিশা বিলাসীপাৰা আৰক্ষীয়ে যমদুৱাৰ গাঁৱৰ পৰা দুই মূল অভিযুক্ত ক্ৰমে ৰাতুল বৰ্মন আৰু মৃদুল বৰ্মনসহ ৭ অভিযুক্তক আটক কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি গণপ্ৰহাৰৰ বলি হোৱা যুৱকজন বামুণপাৰা 4ৰ্থ খণ্ড গাঁৱৰ ছায়েৰ আলী বুলি জানিব পৰা গৈছে । ছায়েৰ আলীৰ লগতে আন কেইবাজনো যুৱকে গৌৰাং নৈত মাছ মাৰিবলৈ গৈছিল । ছায়েৰ আলীৰ অৱস্থা অতি শোচনীয় বুলি জানিব পৰা গৈছে । ইতিমধ্যে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীয়ে এই ঘটনাৰ লগত আৰু কোন কোন জড়িত আছে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ ধুবুৰী, মৰিগাঁও, হোজাই, ধেমাজি আদি কেইবাখনো জিলাত যোৱা প্ৰায় এমাহৰ ভিতৰত কেইবাটাও এনেধৰণৰ গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে ৷ সাধাৰণ কথাতেই আগ-পাচ নভবাকৈয়ে মানুহে নিজেই বিচাৰ কৰিবলৈ যোৱা ঘটনাৰ বাবে বিগত সময়ত অভি-নীল, ঝংকাৰ শইকীয়া, অনিমেষ ভূঞা, ডাঃ দেবেন দত্তৰ দৰে বহুতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷

লগতে পঢ়ক: Mob lynching in Bilasipara: বিলাসীপাৰাৰ গণপ্ৰহাৰৰ ঘটনাক লৈ তৎপৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.