ETV Bharat / state

ধুবুৰীত কৰ'ণা ৰোগীক অৱজ্ঞা কৰাৰ অভিযোগ

author img

By

Published : May 16, 2021, 1:47 PM IST

ধুবুৰী স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰোগীক অৱজ্ঞা কৰাৰ গুৰুতৰ অভিযোগ ৷ দিনৰ 2 বজাৰ পৰা ক'ভিড আক্ৰান্তক এটুপি খোৱা পানী নিদিয়াকৈ নিশা 9 বজালৈ ছাগলীয়া গেটত ৰখাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে কালাহাটৰ আশুতোষ সৰকাৰ নামৰ লোকজনৰ লগতে এম্বুলেঞ্চত থকা এগৰাকী স্বাস্থ্যকৰ্মীয়ে ৷

Serious allegations of ignoring a corona patient in Dhubri
ধুবুৰীত কৰ'ণা ৰোগীক অৱজ্ঞা কৰাৰ গুৰুতৰ অভিযোগ

ধুবুৰী,16 মে': সমগ্ৰ দেশ তথা ৰাজ্যতে কাল কৰ'ণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ধুবুৰী স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰোগীক অৱজ্ঞা কৰাৰ গুৰুতৰ অভিযোগ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ধুবুৰী জিলাৰ গোলকগঞ্জৰ আশুতোষ সৰকাৰ নামৰ লোকজন চিকিৎসাৰ বাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰলৈ গৈছিল যদিও উভতি আহোতে ক'ভিডত আক্ৰান্ত হয় ৷ চুবুৰীয়া ৰাজ্যখনৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাত কালাহাটৰ আশুতোষ সৰকাৰৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰে ৷

কিন্তু, আশ্চৰ্যজনকভাৱে লোকজনক দিনৰ 2 বজাৰ পৰা ছাগলীয়া গেটত ৰখাই থৈ দিয়ে স্বাস্থ্য বিভাগৰ লোকে ৷ অৱশেষত, ৰাতি প্ৰায় 9 বজাত 108 সেৱাযোগে লোকজনক নিজ বাসগৃহত থ'বলৈ আহে ৷ দিনৰ দুই বজাৰ পৰা এটুপি খোৱা পানীও লোকজনক যোগান নধৰাত স্বাস্থ্যৰ অৱনতি ঘটাত এম্বুলেঞ্চত থকা জয়দেৱ ৰায় নামৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে লোকজনক খোৱাৰ ব্যৱস্থা কৰি দিয়ে ৷ ৰোগীকলৈ স্বাস্থ্য বিভাগে কৰা এনে অৱজ্ঞাই এতিয়া চিন্তিত কৰি তুলিছে সকলোকে ৷

লগতে পঢ়ক: ৰঙিয়াৰ চেপ্তীত ক'ভিড আক্ৰান্তৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.