ধুবুৰী,23 ফেব্ৰুৱাৰীঃ ধুবুৰী জিলাৰ বিৰাট নগৰ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক ৰহস্যজনক ঘটনা ৷ চাৰ্ভিছ ৰিভলভাৰৰ গুলীত নিহত হয় এজন কনিষ্টবল ৷ নিহত কনিষ্টবলজন কাঁচখানা গাঁৱৰ উমেশ ৰায় বুলি জানিব পৰা গৈছে ৷ ধুবুৰীত কৰ্মৰত উমেশে শনিবাৰে নিশা নিজ ঘৰলৈ আহিছিল ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা প্ৰায় দহ বজাত কনিষ্টবল গৰাকীয়ে ধুবুৰী অভিমুখে গৈ আছিল ৷ অসামৰিক পোছাকত যোৱা কনিষ্টবলজনে লগত থকা এ কে 47 ৰাইফলটো এটা সৰু বস্তাত সোমোৱাই লগত নিছিল ৷ চহৰখনৰ বিৰাটনগৰ চাৰিআলিৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে ঘাইপথটো পাৰ হোৱাৰ সময়তে গুলীৰ শব্দ হয় ৷ মুহুৰ্ততে উমেশ ৰায় ঢলি পৰাৰ বিপৰীতে ঘাইপথেৰে আহি থকা বাইক চালক আৰু ট্ৰাক আদি অন্তৰ্ধান হয় ৷ একাংশ প্ৰত্যক্ষদৰ্শীৰ ধাৰাভাষ্য মতে, ৰিভলভাৰটোৰ পৰা গুলী ফুটি নিহত হয় কনিষ্টবলজন ৷ কিন্তু,বস্তাৰ ভিতৰত চাৰিটা খালী কাৰ্টিজ উদ্ধাৰ হোৱা কাৰ্যই সমগ্ৰ ঘটনাতোৰ বিষয়ে ৰহস্য অধিক ঘনীভূত কৰি তুলিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাটো সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ শেষত অধিক তথ্য মুকলি হোৱাৰ আশা ব্যক্ত কৰা হৈছে ৷
লগতে চাওকঃটীয়কত দাৰে ঘপিয়াই এজনক নৃশংস হত্যা