ধুবুৰী, 21 অক্টোবৰ: নাৰী সমাজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ, ধুবুৰী জিলা সমিতিৰ বিশেষ পদক্ষেপ ৷ ছাত্ৰ সংগঠনটোৰ উদ্যোগত আয়োজিত অনুষ্ঠানত শিশু আৰু কিশোৰী সকলৰ বাবে কাৰাটে ডু আৰু মাৰ্চিয়েল আৰ্টছৰ এটা দলৰ আত্মৰক্ষাৰ বিশেষ কৌশল প্ৰদৰ্শন ৷ নাৰী সমাজৰ ওপৰত চলি থকা শোষণ তথা নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি একোগৰাকী নাৰীক সম্পূৰ্ণ ভাৱে সবল কৰি তোলাৰ বাবে ছাত্ৰ সংগঠনটোৱে এই বিশেষ পদক্ষেপ গ্ৰহন কৰিছে ৷
ধুবুৰীৰ টাউন হোটেল কনফাৰেন্স হলত এই ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ অনুষ্ঠানত ছাত্ৰ পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি অমিত দাস, সম্পাদক আশুতোষ মাহাতো, ধুবুৰী জিলা বজৰং দলৰ প্ৰচাৰক কৃষ্ণ ৰাথোৰকে ধৰি ছাত্ৰ পৰিষদ আৰু বজৰং দলৰ কেইবাজন প্ৰতিনিধিৰ লগতে স্থানীয় যুৱক যুৱতী, মহিলা, শিশু আৰু কিশোৰ কিশোৰী সকল উপস্থিত থাকে । ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ এই পদক্ষেপক সময়োপযোগী বুলি সচেতন মহলে শলাগ লৈছে ।
লগতে পঢ়ক: পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান