পশ্চিম বিলাসীপাৰা,১৩ মাৰ্চ: ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা শিক্ষা খণ্ডত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ চলিছে ব্যাপক ছিণ্ডিকেট (School uniform syndicate in Bilasipara)। শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ নামত অহা ধন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই আত্মসাৎ কৰাৰ অভিযোগ । ছিণ্ডিকেটত বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, চি আৰ চি চি, বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ এণ্টাৰপ্ৰাইজ জড়িত থকাৰ অভিযোগ । সমগ্ৰ বিষয়টোত শিক্ষা বিভাগত তদন্ত কৰিবলৈ দাবী বিভিন্ন দল-সংগঠনৰ ।
চৰকাৰে যোগান ধৰা কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ ধনত নজৰ দিছে শিক্ষা বিষয়া, চি আৰ চি চি, প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ এন্টাৰপ্ৰাইজে । এই অভিযোগ একাংশ শিক্ষাৰ্থী, অভিভাৱক আৰু সংগঠনৰ । যাৰ বাবে ধুবুৰী জিলাৰ বহু বিদ্যালয়ত ইতিমধ্যে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Protest against school uniform scam)।
উল্লেখ্য যে চৰকাৰে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ৬০০ টকাৰ বিনিময়ত বছৰি যোগান ধৰি আহিছে দুযোৰকৈ ইউনিফৰ্ম । একেদৰে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০০ টকাৰ বিনিময়ত বছৰি যোগান ধৰিছে দুযোৰকৈ ইউনিফৰ্ম (School uniform scam in Bilasipara)।
অভিযোগ অনুসৰি বিলাসীপাৰা শিক্ষাখণ্ডত চৰকাৰে যোগান ধৰা ৬০০ আৰু ৭০০ টকাৰ ভিতৰত মাত্ৰ ৩০০ টকা খৰছ কৰি অতি নিম্ন মানৰ দুযোৰ ইউনিফৰ্ম যোগান ধৰি সমুদয় ধন আত্মসাৎ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰতন সূত্ৰধৰ, বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক, চি আৰ চি চি, বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ এন্টাৰপ্ৰাইজে (BEEO involved in school uniform syndicate)।
সেয়ে এই ছিণ্ডিকেটৰ নেতৃত্বত থকা বিলাসীপাৰা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰতন সূত্ৰধৰৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS demand to investigate uniform syndicate case)। শিক্ষাৰ্থীৰ প্ৰাপ্য অধিকাৰৰ প্ৰতি চৰকাৰ তথা শিক্ষামন্ত্ৰীক গুৰুত্ব আৰোপ কৰিবলৈও দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
লগতে পঢ়ক :Moran Axis Bank fake ID: মৰাণৰ এক্সিছ বেংক শাখাত আৰক্ষীৰ অভিযান