ETV Bharat / state

Paddy seeds scam in Assam : বিলাসীপাৰাৰ পথাৰত ধানৰ সলনি ওলাইছে পতান - কৃষক ৰাইজক ঠগিলে কৃষি বিভাগে

কৃষকৰ মূৰত ৰামটাঙোন শোধাইছে ধানৰ বীজ যোগান ধৰা এটা কোম্পানীয়ে । ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত কৃষকে অধিক ধান উৎপাদন কৰাৰ আশাৰে কোম্পানীৰ ধানৰ বীজৰ কঠিয়া ৰোপন কৰিছিল । এতিয়া কৃষকৰ মাজত কেৱল হতাশা ।

Hyderabad JK Seed 3333
কৃষক ৰাইজক ঠগিলে কৃষি বিভাগে
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 3:02 PM IST

কৃষক ৰাইজক ঠগিলে কৃষি বিভাগে

বিলাসীপাৰা, ২৭ অক্টোবৰ : কৃষক ৰাইজক ঠগিছে ৰাজ্যৰ কৃষি বিভাগে । কৃষকসকলক ধানৰ বীজ যোগানৰ নামত চলাইছে ৰাম ঠগন । এই অভিযোগ একাংশ কৃষকৰ ৷ তথ্য অনুসৰি, Hyderabad JK Seed 3333 হাইব্ৰীড ধানৰ কোম্পানীয়ে Assam Seeds Corporation Ltd ৰ সহায়ত ৰাজ্যৰ কৃষকসকলক যোগান ধৰিছিল শালি ধানৰ বীজ । এতিয়া উক্ত কোম্পানীৰ বিধান ৰুই বিপদত পৰিছে ৰাজ্যৰ কৃষক ৰাইজে । ধানৰ সলনি বিঘাই বিঘাই শালি ধানৰ খেতিত পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাত কৃষি বিভাগত সংঘটিত হৈছে এই আজৱ ঘটনাটো । Hyderabad JK Seed 3333 হাইব্ৰীড ধানৰ কোম্পানীয়ে Assam Seeds Corporation Ltd ৰ সহায়ত ৰাজ্যৰ কৃষকসকলক যোগান ধৰা শালি ধানৰ বীজ কৃষকসকলে ৰোপণ কৰি বিপদত পৰিছে ৷ বিঘাই বিঘাই ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে ।

চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত যমদুৱা প্ৰথম খণ্ড গাঁৱত ধাননি পথাৰত ধানৰ সলনি পতান ওলোৱাত দুখীয়া কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত কৃষক ৰাইজে কৃষি বিভাগৰ পৰা উচিত ক্ষতিপূৰণ বিচাৰিছে । কৃষি বিভাগৰ পৰা চৰকাৰে খেতিৰ বাবে শালি ধানৰ বীজ যোগান ধৰিছিল ।

উক্ত বীজ ৰোপণ কৰি এতিয়াৰ ধানৰ সলনি পতান ওলোৱাত কৃষক ৰাইজে মূৰে কপালত হাত দিব লগীয়া হৈছে । বিলাসীপাৰা মহকুমাত বিভিন্ন প্ৰান্তত চৰকাৰী বীজ ৰোপণ কৰি শ শ বিঘা শালি খেতি কৰি কৃষক ৰাইজে কৃষি বিভাগৰ পৰা ঠগ খাবলগীয়া হৈছে । এই ক্ষেত্ৰত কৃষি বিভাগে এই দুখীয়া কৃষকৰ সকলক কেনেদৰে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব ।

বিগত তিনিটা মাহত সাৰ-পানী যোগান ধৰাত ধান গছসমূহ লহপহকৈ বাঢ়ি অহাত কৃষকৰ মন আনন্দৰে ভৰিছিল । কিন্তু ধান পকাৰ সময়ত মৰহি গৈ ধানৰ বিপৰীতে পতান ওলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে । এই ধানৰ বীজ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী কৃষকে ৷

লগতে পঢ়ক:Laxmi Puja 2023: শ্ৰীশ্ৰীসৌভাগ‍্য মাধৱ দেৱালয়ত শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.