ETV Bharat / state

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

author img

By

Published : Mar 19, 2020, 12:16 PM IST

Updated : Mar 19, 2020, 12:36 PM IST

কৰ’ণা ভাইৰাছৰ আতংক বৃদ্ধি পাইছে সমগ্ৰ অসমত । এই সময়ত হেণ্ড চেনিটাইজাৰ বজাৰত নাটনি হৈ পৰাৰ ফলত শংকাত ভুগিছে ৰাজ্যবাসী ৷ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত কৰ’ণা ভাইৰাছৰ প্ৰতিৰক্ষাৰ বাবে ৰাইজৰ সুবিধাৰ্থে চেনিটাইজাৰ প্ৰস্তুত কৰা হয় ৷

ভোলানাথ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

ধুবুৰী,19 মাৰ্চঃ মহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছৰ ফলত আতংকিত জনতা । এনে সময়তে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ক্ৰমাৎ বৃদ্ধি পাইছে আতংক। ইপিনে এনে পৰিস্থিতিৰ মাজতে ধুবুৰীৰ বজাৰত হেণ্ড চেনিটাইজাৰৰ নাটনি হৈ পৰিছে। যাৰ ফলত ঐতিহাসিক ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ লেৱৰেটৰীত চেনিটাইজাৰ প্ৰস্তুত কৰি থকা হৈছে। ইপিনে প্ৰস্তুত কৰা চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰিবৰ এক ব্যৱস্থা কৰিছে ধুবুৰী ভোলানাথ মহাবিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে,মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপে ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে ৷

হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰাৰ এক দৃশ্য

লগতে চাওকঃ কোকৰাঝাৰত অস্ত্ৰ-শস্ত্র সৈতে এজনক আটক

Last Updated : Mar 19, 2020, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.