ETV Bharat / state

Royal Family Hands Over Hawa Mahal : চৰকাৰক দায়িত্ব দি মাটিয়াবাগৰ হাৱাখানা এৰিলে ৰাজ পৰিয়ালে - দ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে

‘‘আজিৰ দিনটো কেৱল অভিভক্ত গোৱালপাৰা জিলাৰ বাবেই নহয়, সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এক গৌৰৱৰ দিন । এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ পাই নিজকে সৌভাগ্যবান বুলি ভাবিছো’’ । আজি অৰ্থাৎ সোমবাৰে গৌৰীপুৰৰ ৰজাৰ হাৱামহলত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ (Legendary Goalpariya folk singer Pratima Pandey Baruah) জীৱনৰ ইতিহাস স্মৰণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Royal Family Hands Over Hawa Mahal to Assam State Govt
ধুবুৰীৰ গৌৰীপুৰৰ হাৱামহলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jan 2, 2023, 9:46 PM IST

Updated : Jan 5, 2023, 2:33 PM IST

ধুবুৰীৰ গৌৰীপুৰৰ হাৱামহলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ধুবুৰী, 2 জানুৱাৰী : নৱবৰ্ষত অসমবাসীলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক অনন্য উপহাৰ ৷ সোমবাৰে গৌৰীপুৰৰ নিকটৱৰ্তী মাটিয়াবাগৰ হাৱাখানা আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰি ভূমি পূজন কৰে (Bhumi Pujan for renovation of Hawa Mahal)৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ইপিনে আজি এই অনুষ্ঠানৰ ভূমি পূজন কৰি 15,20,82,000 কোটি টকাৰ চেকো প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গদাধৰ নৈৰ পাৰত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগত এটা টিলাৰ ওপৰত আছে ৰাজ প্ৰাসাদ ৷ এই প্ৰাসাদটো হাৱাখানা নামেৰে পৰিচিত ৷ পানবাৰীৰ পৰা ৰাজপাট গৌৰীপুৰলৈ স্থানান্তৰ হোৱাৰ পিচত জমিদাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ দিনত অৱসৰ বিনোদনৰ স্থান হিচাপে ইয়াক নিৰ্মাণ কৰা হৈছিল ৷ 1904 চনত হাৱাখানাৰ নিৰ্মাণ আৰম্ভ কৰা হয় আৰু 1914 চনত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় ৷ হাৱাখানাটোত শোৱনি কোঠা, স্নানাগাৰ ধৰি মুঠ 24 টা কোঠালি আছে ৷

কাষেৰে বৈ যোৱা গদাধৰ নৈৰ সৌন্দৰ্য আৰু প্ৰাসাদটোৰ কাৰুকাৰ্যই স্বাভাৱিকতে ৰাইজক আকৰ্ষণ কৰে ৷ ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবাদ প্ৰতীম ব্যক্তি প্ৰমথেশ চন্দ্ৰ বৰুৱাই এই প্ৰাসাদতে তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল ৷ এই হাৱাখানাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই পত্নী প্ৰিয়ম্বদা পেটেলৰ সৈতে ‘‘মাহুত বন্ধুৰে’’ চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ত ডেৰ মাহ কাল আছিল ৷

ইয়াৰোপৰি প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ‘মুক্তি’, উত্তম কুমাৰৰ ‘বিচাৰক’, টম অল্টাৰ আৰু মুনমুন সেন অভিনীত ‘গজমুক্তা’ আদি বহু চিনেমাৰ দৃশ্যগ্ৰহণ এই শতিকা পুৰণি প্ৰাচীন ৰাজকীয় প্ৰাসাদটোতেই হৈছিল ৷ অসমবাসীৰ আদৰৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেয়ে (Legendary Goalpariya folk singer Pratima Pandey Baruah) কলিকতাত জন্ম গ্ৰহণ কৰিলেও এই প্ৰাসাদতে কটাইছিল জীৱনৰ সৰহ সময় ৷ ইয়াতেই চৰ্চা কৰিছিল গোৱালপৰীয়া লোকগীতৰ ৷

‘‘দিনে দিনে খসিয়া পৰিবে ৰংগিলা দালানে মাটি গোঁসাই জী কোন ৰঙেৰ’’ এইদৰে এই হাৱাখানাটোৰ অৱস্থা ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে । প্ৰতিমা বৰুৱা পাণ্ডেৰ সৃষ্টি আৰু স্মৃতি বিজড়িত সামগ্ৰীৰ সংগ্ৰহালয় বাবে সোমবাৰৰ পৰা এই ঘৰটো অসম চৰকাৰৰ সম্পত্তি হ’ল (Royal Family Hands Over Hawa Mahal to Assam State Govt) ৷ অসমবাসীৰ সম্পত্তি হ’ল এই হাৱামহলত ৷

চৰকাৰে এই হাৱামহলত গঢ়ি তুলিব এক সংগ্ৰহালয় ৷ সোমবাৰে আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংকৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া,অবিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংকৃতিক বিভাগৰ সচিব মিনাক্ষী নাথ দাস, শংকৰদেৱ কলা ক্ষেত্ৰৰ সচিব সুৰ্দশন ঠাকুৰ, জিলা উপায়ুক্ত দিৱাকৰ নাথ উপস্থিত থাকে।

প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ প্ৰবীৰ বৰুৱাই হাৱামহল আৰু শৈশৱৰ বহু স্মৃতি সোঁৱৰাই বহু আবেগ বহুল ভাষণ প্ৰদান কৰে । লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্বামী তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ গংগা শংকৰ পাণ্ডেয়ে অতীত স্মৃতি ৰোমন্থন কৰি ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : Baba Vishwanath Dham: দুদিনত ৬ লক্ষাধিক ভক্তিই দৰ্শন কৰিলে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ

Last Updated : Jan 5, 2023, 2:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.