ধুবুৰী, 25 জুন: ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত মঙলবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত AS-17C-0190 নম্বৰৰ ডি আই পিক আপ ভেনৰ চালক মোহৰ আলীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-glk-801-24jun-accident-prodip_25062019123355_2506f_1561446235_527.png)
ইতিমধ্যে আগমনি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,মৃত মোহৰ আলী গোলকগঞ্জৰ বানিয়ামাৰিৰ বুলি তথ্য লাভ কৰা হৈছে ৷ পিকআপ ভেন,বলেৰ'ৰ দৰে সৰু মালবাহী গাড়ীবোৰৰ দৌৰাত্ম্যৰ বাবে এনে ঘটনা সঘনাই সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷