ধুবুৰী, 19 জুলাই : ধুবুৰীৰ খুদীমাৰীত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । পথৰ পৰা বিলত বাগৰি পৰিল বাহন । দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুগৰাকীকৈ যুৱক ৷ AS-19M- 5161 নম্বৰৰ তীব্ৰবেগী ব’লেনো বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে খুদিমাৰী বিলত । পাচত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এছডিআৰএফ আৰু এনডিআৰএফৰ সহায়ত তিনিঘন্টাৰ অন্তত গাড়ীখনৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মৃত যুৱকদ্বয় ক্ৰমে মধুশৌলমাৰী গাঁৱৰ নাৰায়ন ৰায় আৰু ৰথিন ৰায় । উল্লেখযোগ্য যে, স্থানীয় ৰাইজে গাড়ীখনৰ পৰা বনমালী ৰায় নামৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ধুবুৰীৰ খুদীমাৰীত শোকাৱহ পথ দুৰ্ঘটনা - ধুবুৰীত পথ দুৰ্ঘটনা
পথৰ পৰা বিলত পৰিল বাহন । নিহত দুগৰাকীকৈ লোক ৷
ধুবুৰী, 19 জুলাই : ধুবুৰীৰ খুদীমাৰীত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । পথৰ পৰা বিলত বাগৰি পৰিল বাহন । দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুগৰাকীকৈ যুৱক ৷ AS-19M- 5161 নম্বৰৰ তীব্ৰবেগী ব’লেনো বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে খুদিমাৰী বিলত । পাচত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এছডিআৰএফ আৰু এনডিআৰএফৰ সহায়ত তিনিঘন্টাৰ অন্তত গাড়ীখনৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মৃত যুৱকদ্বয় ক্ৰমে মধুশৌলমাৰী গাঁৱৰ নাৰায়ন ৰায় আৰু ৰথিন ৰায় । উল্লেখযোগ্য যে, স্থানীয় ৰাইজে গাড়ীখনৰ পৰা বনমালী ৰায় নামৰ এজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ধুবুৰীৰ খুদিমাৰীত নিশা প্ৰায় এক বজাত ভয়াবহ দূৰ্ঘটনাত দুজন যুৱকৰ কৰুণ মৃত্যু।AS-19M- 5161 নম্বৰৰ তীব্ৰ বেগী বোলেনো গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই খুদিমাৰী বিলত পৰি যায়। পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এছডিআৰএফ আৰু এনডিআৰএফৰ সহায়ত তিনিঘন্টাৰ অন্তত গাড়ীখনৰ লগতে দুটা মৃতদেহ উদ্ধাৰ কৰে। মৃত যুৱক দুজন মধুশৌলমাৰী গাৱঁৰ নাৰায়ন ৰায় আৰু ৰথিন ৰায়।উল্লেখযোগ্য স্থানীয় ৰাইজে গাড়ীখনৰ পৰা বনমালী ৰায় নামৰ এজনক জীবিত উদ্ধাৰ কৰে।Conclusion: উল্লেখযোগ্য যে, এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।