ETV Bharat / state

ছাতাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 6 - BTR

বিটিআৰৰ অন্তৰ্গত ছাতাগুৰিত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত হতাহত হয় বহু কেইজন ব্যক্তি ৷

Road accident in sataguri BTR assam etv bharat news
পথ দুৰ্ঘটনা
author img

By

Published : Dec 27, 2020, 6:55 PM IST

ধুবুৰী,27 ডিচেম্বৰ: অসমৰ সীমান্তৱৰ্তী অঞ্চল ছাতাগুৰিত দেওবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি, কোকৰাঝাৰৰ সমীপৰ তুলসীবিলৰ পৰা ধুবুৰী অভিমুখে আহি থকা এএছ 17 চি 1875 নম্বৰৰ যাত্ৰীবাহী বাছখনৰ বিপৰীত দিশৰ পৰা আহি থকা এএছ 17 চি 3073 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ কোকৰাঝাৰৰ ছাতাগুৰিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰে 6 গৰাকীকৈ লোকে ৷ লগতে আহত হয় বাছখনত থকা অধিকাংশ যাত্ৰী ৷ এগৰাকী যাত্ৰীৰ থিতাতেই মৃত্যু ঘটাৰ বিপৰীতে দুগৰাকী ব্যক্তিৰ মৃতদেহ এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই ৷ মৃত্যু হোৱা ব্যক্তিসকলৰ ভিতৰত শিশু থকাৰ কথা জানিব পৰা গৈছে ৷

ছাতাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

উক্ত দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে বামুণগাঁৱৰ সন্দেশ আলী, সাপটগ্ৰামৰ ছাত্তাৰ আলী, বামুণগাঁৱৰ ৰফিকুল ইছলাম, বাশীদুল ইছলাম আৰু তুলসীবিলৰ সদেৰ কাজীয়ে ৷ ইফালে আহত প্ৰায় ২৫ গৰাকী যাত্ৰীৰ ভিতৰত তিনিগৰাকীৰ অৱস্থা অত্যন্ত সংকটজনক ৷ সংকটজনক অৱস্থাত থকা ব্যক্তি তিনিগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহতসকলক ভৰ্তি কৰোৱা হৈছে ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত ৷

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২ ঘণ্টা সময় পথটোৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে যাতায়াত ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত জেচিপি, কাটাৰ যন্ত্ৰৰ সহায়ত চলাই উদ্ধাৰ অভিযান ৷

লগতে চাওকঃ গণতন্ত্ৰ দিৱসৰ বাবে সাজু হোৱা 150 সেনা জোৱানৰ দেহত কোভিড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.