ধুবুৰী, 22 নৱেম্বৰ : ধুবুৰী জিলাৰ মাজেৰচৰ এন চি গাঁৱত বিগত দুমাহৰ পৰাই টিপকাই নৈৰ গৰাখহনীয়াই অঞ্চলবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । ৰাইজৰ ঘৰ-মাটি নদীৰ বুকুত বিলীন হোৱাৰ ফলত নিৰাপদ স্থান বিচাৰি অন্য অঞ্চললৈ স্থানান্তৰিত হ'ব লগা হৈছে ৷
![River Errosion In Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-22nov-errosion-visbyte-7203850_22112020152047_2211f_1606038647_459.jpg)
![River Errosion In Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-22nov-errosion-visbyte-7203850_22112020152047_2211f_1606038647_130.jpg)
আনহাতে, অঞ্চলবাসী ৰাইজে দীৰ্ঘদিনৰ পৰাই গৰাখহনীয়া সমস্যাত ভুগি থকাৰ ফলতে স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজেৰচৰ এন চি গাঁওখন নৈৰ বুকুত বিলীন হ'বলৈ গৈ আছে যদিও স্থানীয় বিধায়ক নজৰুল হকে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে । যাৰবাবে ৰাইজে জনপ্ৰতিনিধিৰ পৰা ভৰষা বাদ দি নিজৰ গাঁঠিৰ ধন খৰচ কৰি সমস্য সমাধানৰ বাবে আগবাঢ়ি আহিছে ৷ স্থানীয় লোক সকলে নৈৰ পাৰত সমবেত হৈ বাঁহৰ পাৰ্কু পাইনৰ কাম আৰম্ভ কৰিছে । লগতে, ভুক্তভোগী ৰাইজেে স্থানীয় বিধায়ক তথা সাংসদক শীঘ্ৰে সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৷
![River Errosion In Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-22nov-errosion-visbyte-7203850_22112020152047_2211f_1606038647_252.jpg)
![River Errosion In Dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-22nov-errosion-visbyte-7203850_22112020152047_2211f_1606038647_790.jpg)
লগতে পঢ়ক : কি হ'ব ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ পৰৱৰ্তী সিদ্ধান্ত ?