ধুবুৰী,22 জুলাইঃ সাংবাদিক ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিন বৃদ্ধি পালে ৩১ জুলাইলৈ । বিগত 16 জুলাইৰ নিশা দুই বজাত ধুবুৰী জিলা বন বিষয়াৰ এখন গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘৰৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক ৰাজীৱ শৰ্মাক ৷ এই ঘটনাৰ পছতেই শোকস্তব্ধ হৈ মৃত্যু মুখত পৰে ৰাজীৱৰ পিতৃ।
বুধবাৰে আদালতত পুনৰ হাজিৰ কৰোৱা হৈছিল সাংবাদিক ৰাজীৱ শৰ্মাক 16 জুলাইৰ দিনা পিতৃৰ বিয়োগৰ মাজতেই ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তিনি দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ৰাজীৱ শৰ্মাক।বুধবাৰে ২২ জুলাইৰ দিনা পুনৰ আদালতত হাজিৰ কৰোৱা হয় সাংবাদিক গৰাকীক । আদালতত উপস্থিত হয় চি.আই.ডিৰ দল। আদালতৰ সিদ্ধান্ত মৰ্মে পুনৰ আঠ দিনৰ বাবে অৰ্থাৎ অহা ৩১ জুলাই লৈ অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰা হয় সাংবাদিকগৰাকীৰ ৷ আদালতৰ নিৰ্দেশ মতে পুনৰ ৩১ জুলাইৰ দিনা আদালতত হাজিৰ হ'ব লাগিব সাংবাদিক ৰাজীৱ শৰ্মা।লগতে পঢ়কঃ
৪৫ হেজাৰ টকাত দৰিদ্ৰ পিতৃয়ে বেচিলে নিজৰ 4মহীয়া সন্তান