ETV Bharat / state

আম্ফানত ক্ষতিগ্ৰস্তলৈ সহায়ৰ হাত আজমল ফাউণ্ডেচনৰ

কিছুদিন পূৰ্বে ৰাজ্যত আংশিক প্ৰভাৱ পৰিছিল ধুমুহা আম্ফানৰ ৷ শুকুৰবাৰে আম্ফানত ক্ষতিগ্ৰস্ত ধুবুৰীৰ কেইবাটাও পৰিয়ালক সাহায্য আগবঢ়াই আজমল ফাউণ্ডেচনে ৷ জিলাখনৰ আগমনিৰ প্ৰায় 86 টা পৰিয়াললৈ নগদ 7 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ফাউণ্ডেচনে ৷

author img

By

Published : Jun 5, 2020, 12:40 PM IST

Relief for Amphan effected at Dhubri by Ajmal Foundation
ক্ষতিগ্ৰস্তলৈ সহায়ৰ হাত

ধুবুৰী, 5 জুন: ধুবুৰী জিলাৰ আগমনিত আম্ফানত ক্ষতিগ্ৰস্ত প্ৰায় ৮৬ টা পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়াই আজমল ফাউণ্ডেচনে ৷ ফাউণ্ডেচনৰ হৈ 7,00,000 টকাৰ চেক প্রদান কৰে গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানে ৷ উল্লেখ্য যে, বিগত ২৬ মে’ত আম্ফানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হৈছিল আগমনিৰ বিভিন্ন অঞ্চলৰ ৰাইজ ৷ ভুক্তভোগী পৰিয়ালসমূহক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে আজমল ফাউণ্ডেচনে আৰ্থিক অনুদান আগবঢ়াই বুলি গৌৰীপুৰৰ বিধায়কগৰাকীয়ে মন্তব্য কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলকগঞ্জ সমষ্টিৰ সভাপতি আশ্রাফুল হক, সাংসদৰ ঘনিষ্ঠ ছাইফুল ইছলাম আৰু জিলা উপ-সভাপতি আতিকুৰ ৰহমান ৷ ফাউণ্ডেচনৰ এনে পদক্ষেপক বৰ্তমান শলাগিছে অঞ্চলটোৰ সচেতন মহলে ।

লগতে চাওকঃ সৰভোগ ষ্টেডিয়ামত উন্নত সুবিধাৰে জ'নেল স্ক্ৰীনিং চেন্টাৰ মুকলি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.