ETV Bharat / state

মহামায়া বনাঞ্চলত বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

author img

By

Published : May 27, 2021, 7:12 AM IST

সমগ্ৰ ভাৰত বৰ্ষতে ব্যাপক হাৰত হ্ৰাস পাই আহিছে শগুণৰ সংখ্যা ৷ এনে সময়তে বিলাসীপাৰা সীমান্তৱৰ্তী মহামায়া বনাঞ্চলত অৰণ্য সুৰক্ষা সমিতিৰ কৰ্মীয়ে উদ্ধাৰ কৰে এটি বিৰল প্ৰজাতিৰ শগুণ ।

rare vulture recovery
বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ মহামায়া বনাঞ্চলত

বিলাসীপাৰা , 27 মে’: মৃত জীৱ-জন্তুৰ শৱদেহ খাই বায়ুমণ্ডল দূষিত হোৱাৰ পৰা ৰক্ষা কৰা সততে আমাৰ চিনাকি এবিধ পক্ষী হৈছে শগুণ ৷ মাত্ৰ কিছু বছৰ আগলৈকে যথেষ্ট সংখ্যক শগুণ সহজে দেখিবলৈ পোৱা গৈছিল কিন্তু, শগুণৰ সংখ্যাগত অৱনতি সহজে চকুত পৰা হৈছিল 1996 চনৰ পৰা 2006 চনৰ দশকটোৰ ভিতৰত ৷ উল্লেখ্য যে, এই দশকটোৰ ভিতৰত ভাৰতত পূৰ্বৰ সংখ্যাৰ 97 শতাংশ শগুণ হ্ৰাস পাইছিল ৷

প্ৰায়েই দেখিবলৈ পোৱা শগুণ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে হেৰাই আহিছে ৷ এনে সময়তে,বিলাসীপাৰাৰ সীমান্তৱৰ্তী মহামায়া বনাঞ্চলত অৰণ্য সুৰক্ষা সমিতিৰ কৰ্মী সকলে শেহতীয়াকৈ উদ্ধাৰ কৰিলে এটি বিৰল প্ৰজাতিৰ শগুণ ।

পিছত অৰণ্য সুৰক্ষা কৰ্মীয়ে খোৰাঘাট বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ শগুণটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়। অৱশ্যে, শৰীৰত কিছু আঘাত পোৱাৰ সন্দেহ হোৱাত শগুণটোৰ চিকিৎসাৰ বাবে দাবী জনায় সমিতিৰ বিষয়ববীয়া সকলে ।

এই সন্দৰ্ভত, অৰণ্য সুৰক্ষা সমিতিৰ সচিব প্ৰধান ড৹ হৰিচৰণ দাসে জনায় যে, সমিতিৰ কৰ্মকৰ্তা সকলে ২০১১ চনৰে পৰা অঞ্চলটোত শগুনৰ সংৰক্ষণৰ কাম কৰি আহিছে ৷ ইয়াৰ লগতে তেওঁ এই অঞ্চলটো বিশেষভাবে সংৰক্ষণৰ দাবীও জনায় বন বিভাগক ।

লগতে পঢ়ক : সম্পূৰ্ণ হোৱাৰ পথত বিশ্বৰ অন্যতম পথ সংযোগী সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.