ETV Bharat / state

ধুবুৰীত জাবেদ ইছলামৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ - assam election

ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰত নামিছে মন্ত্ৰীগৰাকী ৷

ধুবুৰীত জাবেদ ইছলামৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ
author img

By

Published : Apr 19, 2019, 11:00 PM IST

ধুবুৰী, 19 এপ্ৰিল :তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷ ধুবুৰীৰ কালাহাট গাঁও পঞ্চায়তৰ সন্মুখত এখন নিৰ্বাচনী সভাত অংশ লয় সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ৷ এই নিৰ্বাচনী সভাতেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ ধুবুৰীত জাবেদ ইছলামে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত কোনো সন্দেহ নাই বুলিও জনসভাত উল্লেখ কৰে দত্তই ৷

ধুবুৰীত জাবেদ ইছলামৰ হৈ প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ

উল্লেখ্য যে, এই জনসভাতেই কংগ্ৰেছ-এ আই ইউ ডি এফ এৰি বিজেপিত যোগদান কৰে শতাধিক দলীয় সদস্যই ৷ ইপিনে সংবাদ মাধ্যমৰ আগত সংখ্যালঘু লোক বিজেপি দলত যোগদান কৰাটো এক শুভ লক্ষণ বুলি কৈ জাবেদ ইছলাম জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে আজমলৰ সৈতে মূল যুজঁ হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

Intro: ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ। নিৰ্বাচনলৈ মাজত দুটাদিন বাকী থকাৰ সময়তে ধুবুৰীত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী গৰাকীৰ।

Body: হয়, অহা তেইশ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত দুটাদিন বাকী থকাৰ সময়তে আজি ধুবুৰীত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী গৰাকীয়ে। ধুবুৰীত উপস্থিত হৈয়েই কালাহাট গাঁও পঞ্চায়তৰ সন্মুখত এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যৰ সংখ্যালঘু বিভাগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত ৰঞ্জিত দত্তই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰে। লগতে এইবেলি ধুবুৰী সমষ্টিৰ ১৮ লক্ষাধিক ভোটাৰৰ ভিতৰত একক সংখ্যাগৰিষ্ঠতাৰে জাবেদ ইছলামক ভোট প্ৰদান কৰিব বুলি দাবী কৰে মন্ত্ৰী গৰাকীয়ে।
আজিৰ সভাত বহু কেইজন লোক বিভিন্ন দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।
ইপিনে সংবাদ মাধ্যমৰ আগত সংখ্যালঘু লোক বিজেপি দলত যোগদান কৰাটো এক শুভ লক্ষণ বুলি কৈ জাবেদ ইছলাম জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে আজমলৰ সৈতে মূল যুজঁ হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে ধুবুৰীৰ এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকৰ দলতকৈ মোমাই ডাঙৰ নহয় শ্লোগানক মিছা শ্লোগান আখ্যা দি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিলাপ্ৰীতি আছে বুলি দাবী কৰে দত্তই। আনহাতে দল দুটাৰ মিত্ৰতাৰ প্ৰসংগ উপস্থাপন কৰি নগাঁও কলিয়াবৰত দস্তি আৰু ধুবুৰী বৰপেটাত কুস্তি কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই।

Conclusion: উল্লেখযোগ্য যে, কালাহাটত নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰী গৌৰীপুৰত কেইবাটাও নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী গৰাকীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.