ETV Bharat / state

ধুবুৰীত কোভিডত স্বামীহাৰা মহিলাৰ মাজত চেক বিতৰণ - ranjit das

’মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি'ৰ অধীনত ধুবুৰীত ক’ভিডত স্বামীহাৰা মহিলাৰ মাজত সাহাৰ্য বিতৰণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । ধুবুৰীত ৮ গৰাকী বিধৱা মহিলাক চেক বিতৰণেৰে আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰকাীয়ে ।

ranjit das started check distribution of Chief Minister's COVID 19 Widows Support Scheme in dhuburi
ধুবুৰীত কোভিডত স্বামীহাৰা বিধবা মহিলাৰ মাজত চেক বিতৰণ
author img

By

Published : Jul 19, 2021, 8:22 AM IST

ধুবুৰী, 19 জুলাই : ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Das) দেওবাৰে, 'মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি' (Chief Minister's COVID 19 Widows Support Scheme)ৰ অধীনত জিলাখনৰ আঠগৰাকী স্বামীহাৰা মহিলাক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে ৷ ধুবুৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অন্বামুথন এম পি সহিতে আন আন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে চেক সমূহ বিতৰণ কৰে ৷ একাংশ মহিলাই চেক হাতত লৈ মন্ত্ৰীগৰাকীৰ ভৰিত ধৰি হুকহুকাই কান্দি উঠাও পৰিলক্ষিত হয় ।

ranjit das started check distribution of Chief Minister's COVID 19 Widows Support Scheme in dhuburi
ধুবুৰীত কোভিডত স্বামীহাৰা বিধবা মহিলাৰ মাজত চেক বিতৰণ

চেক বিতৰণৰ পূৰ্বে ক’ভিডে আপোনজনক কাঢ়ি নিয়া বিধৱা মহিলাসকলক উদেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, মহিলাসকলে যাতে মনোবল নেহেৰুৱাই ৷ অসম চৰকাৰ তেওঁলোকৰ থকা বুলি উল্লেখ কৰি তেওঁ কয় তেওঁলোকৰ প্ৰতি শাসনাধিস্থিত চৰকাৰৰ শ্ৰদ্ধা আৰু মৰমৰ চিন হিচাপে ধনৰাশি আগবঢ়োৱা হৈছে ৷ নিজৰ সন্তানক সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিবৰ বাবেও ৰণজিৎ দাসে মহিলা সকলক আহ্বান জনায় ৷

উল্লেখ্য যে, এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকাতকৈ কম উপাৰ্জন থকা পৰিয়ালৰ বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা হৈছে ৷

ধুবুৰীত প্ৰথম পৰ্যায়ত আঠ গৰাকী মহিলাক সাহাৰ্য প্ৰদান কৰা হৈছে ৷ পৰৱৰ্তী সময়ত, ক’ভিডত স্বামীৰ মৃত্যু হোৱা দুখীয়া পৰিয়ালৰ সকলো মহিলাক এই আঁচনিত সামৰি লোৱা হ'ব ৷ দেওবাৰৰ চেক বিতৰণ কাৰ্যসূচীত ধুবুৰীৰ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী প্ৰমুখ্যে কেবাগৰাকী বিষয়াও উপস্থিত থাকে ৷

লগতে পঢ়ক : মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.