পশ্চিম বিলাসীপাৰা, 25 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকক্ষণত বিলাসীপাৰাত বিজেপিৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ সপ্তাহত দুবাৰকৈ বিলাসীপাৰাত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক সংখ্যালঘু ভোট নালাগে বুলি মন্তব্য কৰিছিল যদিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে ৷
26 নং পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ বগৰিবাৰীত বুধবাৰে বিয়লি অনুষ্ঠিত হয় বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী ৷ এই কাৰ্যসূচীত হেলিকপ্টাৰ যোগে উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ বগৰিবাৰী হৰেন্দ্ৰ নাৰায়ণ ছেমেনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় বিশাল যোগদান কাৰ্যসূচী ৷
এই সভাত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে ৷ বিজেপিৰ এই বিশাল যোগদান সভাত সাংবাদিকৰ প্ৰশ্নত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে 100+ ৰ সম্পূৰ্ণ ব্যাখ্যা আগবঢ়ায় ৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে অসমত এখন আসনো নাপায় বুলি মন্তব্য কৰে ৰঞ্জিত দাসে ৷
লগতে পঢ়ক : হোজাইত মুখ্যমন্ত্ৰী সোণোৱালক তুলাধূনা লুৰিণৰ