ETV Bharat / state

কোৱাৰেণ্টাইন কেন্দ্ৰৰ নিয়ম উলংঘা কৰি বাহিৰলৈ আহিছে  একাংশ লোকঃ চাপৰত আতংক

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এখন পয়ালগা ছবি ৷ চাপৰৰ ৰঙামাটি কোৱাৰেন্টাইন চেন্টাৰৰ টিনৰ বেৰৰ ওপৰৰে পাৰ হয় কোৱাৰেন্টাইনত থকা লোক ৷ সাধাৰণ ৰাইজৰ মাজত মুক্ত বিচৰণ কোৱাৰেন্টাইনত থকা লোকৰ । প্ৰশাসন ব্যৱস্থাৰ অৱহেলাৰ বাবে এনে কাৰ্য সংঘটিত হোৱাৰ অভিযোগ ৷ কোৱাৰেন্টাইন চেন্টাৰৰ সৈতে চলি থকা এনে কাৰ্যই বিপদ মাতিব পাৰে পাৰ্শ্বৱৰ্তী অঞ্চললৈ ।

quaraintine-center-rule-ragulation-break-at-chaper-rangamati
চাপৰৰ ৰঙামাটি কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকৰ নীতি নিয়ম উলংঘা
author img

By

Published : Jul 26, 2020, 11:48 AM IST

পূৱ বিলাসীপাৰা,২৬ জুলাইঃ কৰ’ণাক প্ৰতিহত কৰিবৰ বাবে সষ্টম ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু সচেতন ৰাইজ । কিন্তু তাৰ মাজতে এখন বিপৰীত ছবি দেখা গৈছে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ ৰঙামাটিত স্থাপন কৰা জিলা খনৰ ভিতৰত বৃহত্তম কোৱাৰেন্টাইন চেন্টাৰটোত । কোৱাৰেণ্টাই কেন্দ্ৰটোত ৰখা হৈছে বহিঃ ৰাজ্যৰ পৰা অহা শ শ লোকক । একমাত্ৰ মহামাৰী কৰ’ণা প্ৰতিৰোধৰ বাবে নিজ ঘৰখনক এৰি চৰকাৰৰ নীতি নিৰ্দেশনা মানি ভোকে পিয়াহে কোৱাৰেন্টাইন চেন্টাৰত আছে বহিঃৰাজ্যৰ পৰা অহা লোকসকল । কিন্তু তাৰ মাজৰে একাংশ কাণ্ডজ্ঞানহীন লোক ব্যস্ত এই মহামাৰী ৰাইজৰ মাজত সম্প্ৰসাৰিত কৰাত ।

চাপৰৰ ৰঙামাটি কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকৰ নীতি নিয়ম উলংঘা

কোৱাৰেন্টাইন চেন্টাৰত থকা একাংশই নীতি-নিয়ম উলংঘা কৰি টিনৰ বেৰৰ ওপৰৰে পাৰ হৈ সাধাৰণ ৰাইজৰ মাজত মুক্ত বিচৰণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে । যাৰবাবে কোৱাৰেন্টাইন চেন্টাৰৰ ভিতৰত থকা লোকৰ সৈতে সংস্পৰ্শলৈ আহিছে চাপৰ-ৰঙামাটি অঞ্চলৰ বহুতো লোক । ফলত পৰিস্থিতি গণ সংক্ৰমণৰ দিশে যোৱা বুলি চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ কোৱাৰেন্টাইন চেন্টাৰৰ দায়িত্বত থকা প্ৰশাসনৰ লোকসকলে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনেকুৱা পৰিবেশৰ সূচনা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ কেবল মাস্ক আৰু সামাজিক দূৰত্বৰ বজাই ৰখা কঠোৰ নিৰ্দেশনা জাৰি কৰিলেই কৰ‘ণা ৰোধ কৰিব পৰা নাযায় ৷ প্ৰশাসন কঠোৰ ব্যবস্থা গ্ৰহণ নকৰিলে সমগ্ৰ অঞ্চলতোত গণ-সংক্ৰমণৰ লগতে ভয়ংকৰ বিপদে দেখা দিব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ঐতিহাসিক কুঁজি সত্ৰৰ 12 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.