ETV Bharat / state

চাপৰৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ প্ৰতিবাদী কাৰ্যসূচী - assam poll

চাপৰৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৷ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ এই প্ৰতিবাদ ৷ পঞ্চায়তটোৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ ৷

puthimari panchayat president
ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ পুঠিমাৰী গাওঁ পঞ্চায়তৰ সভাপতিৰ
author img

By

Published : Apr 4, 2021, 1:45 PM IST

পূৱ বিলাসীপাৰা,4 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ মাজতে চাপৰৰ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ কেতবোৰ ভুৱা অভিযোগেৰে আব্দুল হামিদ নামৰ এজনে লোকে সামাজিক মাধ্যমত তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি নাজিৰ হুছেইনে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰে ৷ এই ঘটনাত চাপৰৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ ৰাইজ সকলেও এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আব্দুল হামিদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷

পঞ্চায়তটোৰ সভাপতি গৰাকীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ হোৱাৰ অভিযোগ

অভিযোগ অনুসৰি, 2 এপ্ৰিলত কংগ্ৰেছৰ পুঠিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনকে ধৰি আন কেইজনমান লোকক মহাজোঁটৰ এআইডিইউএফ-ৰ মনোনীত প্ৰাৰ্থী ছামচুল হুদাৰ বাইক ৰেলীৰ তেলৰ কুপন বিলোৱাৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ কিন্তু মটৰ চাইকেলত তেল ভৰাই থকাৰ সময়তে আব্দুল হামিদ আহি নাজিৰ হুছেইনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় ৷ এই ঘটনাৰ পাছতে হামিদে মাৰপিটৰ অভিযোগ আনি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰি সামাজিক মাধ্যমত পুঠিমাৰী গাওঁ পঞ্চায়তৰ সভাপতি নাজিৰ হুছেইনে তেওঁক মাৰপিট কৰা বুলি প্ৰচাৰ চলায় ৷

এই ঘটনাৰ পাছতে পুঠিমাৰী গাঁও পঞ্চায়তৰ ৰাইজ জাঙুৰ খাই উঠে আৰু ৰাইজে আব্দুল হামিদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লয় ৷ ঘটনা সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই নাজিৰ হুছেইনে আব্দুল হামিদ এজন বিজেপি দলৰ এজেণ্ট বুলি অভিযোগ কৰি ছামচুল হুদাৰ বাইক ৰেলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ উদ্দেশ্যে এই ঘটনা সংঘটিত কৰে বুলি অভিযোগ কৰে ৷

লগতে পঢ়ক: ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ মন্ত্ৰী পীযুষৰ ম’বাইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.