ধুবুৰী,14 অক্টোবৰঃ বছৰৰ পিছত বছৰ ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰি থকাৰ ফলত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণামুখীৰ পৰা মাছানেৰ আলগা হৈ বিলাসীপাৰা সংযোগী প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনা পথেদি যাতায়তৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দুৰ্ভোগ ভুগি আহিছে ৷ পথটোৰ মেৰামতিৰ বাবে স্থানীয় ৰাইজ তথা দল-সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰী কৰ্তৃপক্ষই কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাত দেওবাৰে বিয়লি ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত স্থানীয় ৰাইজে পথটোৰ ওপৰত গ্ৰহণ কৰে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদী ৰাইজে জৰাজীৰ্ণ পথটোত দীৰ্ঘ দিনে জমা হৈ থকা পানীত মাছ ধৰা জাল দলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ ফলত পথত বহু ৰোগী মৃত্যুমুখত পৰাৰ উদাহৰণ আছে বুলিও অভিযোগ কৰিছে প্ৰতিবাদী ৰাইজে ৷ একপ্ৰকাৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰা অতি ব্যস্ত পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ৷ অন্যথা অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিয়ে স্থানীয় ৰাইজে ৷
আৰু পঢ়ক