ধুবুৰী,25 অক্টোবৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মালিৰআলগা গাওঁ পঞ্চায়তৰ অধীনষ্ঠ এলেকাত পুনৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো এক কিল’মিটাৰ নিলগত থকা মালিৰআলগা গাওঁ পঞ্চায়তত আৰম্ভ হৈছে তীব্ৰ খহনীয়া ৷ ৰাজ্য চৰকাৰে অনতিপলমে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে হাটশিঙিমাৰী অঞ্চল লুইতৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে ৷
এইক্ষেত্ৰত স্থানীয় বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলৰ কোনো কাণসাৰ নোহোৱাৰ কথা ব্যক্ত কৰে স্থানীয় ৰাইজে ৷ বিগত প্ৰায় এসপ্তাহৰ পৰাই এই খহনীয়াই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে অঞ্চলটোত ৷ সেয়ে উপায়বিহীন ৰাইজে নৈৰ পাৰত সমবেত হৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইয়াৰ পিছতো অঞ্চলবাসীৰ সমস্যা সম্পৰ্কে কোনো খবৰ ৰখা নাই জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই ৷
অৱশেষত স্থানীয় ৰাইজে চৰকাৰ নাইবা প্ৰশাসনলৈ আশা নকৰি নিজাববীয়া প্ৰচেষ্টাৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা চলায় ৷ গছৰ ডাল কাটি আনি নৈ পাৰত ভেটা দি ৰাইজে কৰা এই প্ৰচেষ্টা কিমানদুৰ সফল হয়, সেয়া সময়ত লক্ষণীয় হ’ব ৷
লগতে চাওকঃ আধুনিকতাক প্ৰশ্ৰয় নিদি ধুবুৰীত আধ্যাত্মিকভাৱে দূৰ্গাপূজা উদযাপন