ETV Bharat / state

Land Grabbing Allegation : ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰী (Land grabbing allegation against CM's family) ক লৈ ধুবুৰী জিলাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 29, 2021, 9:46 AM IST

ধুবুৰী, 29 ডিচেম্বৰ : মঙলবাৰে কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ধুবুৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱ কংগ্ৰেছে (Youth Congress protest in Dhuburi) ৷ ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত আৰু কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীৰ উপস্থিতিত জিলা যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰী আৰু পত্নীৰ ভূমি কেলেংকাৰী (Land grabbing allegation against CM's family) ৰ বিৰুদ্ধে উচিত তদন্তৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰে ।

ধুবুৰী আৰক্ষীয়ে বেৰিকেট বহুৱাই প্ৰতিবাদী সমদলক বাধা দিয়াৰ সময়তে আৰক্ষী আৰু যুৱ কংগ্ৰেছৰ সদস্যসকলৰ মাজত প্ৰচণ্ড ঠেলা-হেঁচাৰ সৃষ্টি হয় ৷ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে "বিজেপি চৰকাৰ হায় হায়", "অসম চৰকাৰ হায় হায়", "ৰিণিকি ভূঞাৰ ভূমি কেলেংকাৰীৰ বিচাৰ কৰক", "ৰিণিকি ভূঞাক গ্ৰেপ্তাৰ কৰক" (Youth Congress demands to arrest Riniki Bhuyan) ইত্যাদি বিভিন্ন ধৰণৰ শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : Land grabbing allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ

ইয়াৰ লগতে নিয়োগ মেলাৰ নামত চৰকাৰে নিবনুৱা যুৱক-যুৱতীক কৰা হাৰাশাস্তিৰ বাবেও মুখ্যমন্ত্ৰীক কঠোৰ বাক্যবাণেৰে সমালোচনা কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ৷ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নামানি বেৰিকেট পাৰ হোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

ধুবুৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে গোলোকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডলকে আদি কৰি যুৱ কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মী ।

উল্লেখ্য যে, ধুবুৰীৰ ৰাজীৱ ভৱনত জিলা যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ পিছতেই প্ৰতিবাদী সমদল উলিয়ায় যুৱ কংগ্ৰেছে । চৰকাৰৰ জন বিৰোধী বিভিন্ন নীতিক সমালোচনা কৰি যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই কয় যে, "যি সময়ত নদী কাষৰীয়া দুখীয়া-দৰিদ্ৰই খহনীয়াত মাটি-সম্পত্তি হেৰুৱাই সংস্থাপন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়তে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই বৃহৎ পৰিমাণৰ ভূমি দখল কৰি নিজৰ নামত কৰি লোৱাটো দুৰ্ভাগ্যজনক" ।

লগতে পঢ়ক : Land Grabbing Allegation: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ইফালে কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে মুখ্যমন্ত্ৰী আৰু চৰকাৰক সমালোচনা কৰি কয় যে,"ভূ-মাফিয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দি বিভিন্ন ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা লাট মণ্ডল আৰু দালালক গ্ৰেপ্তাৰ কৰা হ’ল । কিন্তু তেনে সময়তে ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে গামোচা পিন্ধাই দললৈ আমন্ত্ৰণ কৰা হ’ল । এয়াই মুখ্যমন্ত্ৰীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তদন্তৰ এক নমুনা ।

মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ নামত ২৭ বিঘা মাটি অবৈধভাৱে নামজাৰি কৰি বেলেগ কোম্পানীৰ নামত কনভাৰ্ট কৰা হ’ল । এই ভূমি কেলেংকাৰীৰ প্ৰসংগ দিল্লী পোৱাৰ পিছতেই গাপ দিয়াৰ বাবে কংগ্ৰেছৰ এজন বিধায়কক গামোচা পিন্ধাই নতুন ৰাজনীতি আৰম্ভ কৰা বুলি সদৰী কৰে পাটোৱাৰীয়ে ।

আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেহৰক্ষী ত্যাগ কৰি নিজৰ আদৰ্শ অটুত ৰখাৰ কথা উল্লেখ কৰাৰ লগতে দেহৰক্ষী কংগ্ৰেছৰ আদৰ্শ নহয় বুলি মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে অংকিতা দত্তই ৷

লগতে পঢ়ক : পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰী, অস্বস্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.