ETV Bharat / state

বিলাসীপাৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিবাদ ৷ প্ৰতিবাদত সাংবাদিকক ভয়-ভাবুকি দিয়াৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাক সকীয়নি প্ৰতিবাদকাৰীসকলৰ ৷

author img

By

Published : Apr 2, 2021, 7:53 PM IST

protest-against-pijush-hazarika
পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,2 এপ্ৰিল : গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই মুকলিকৈ ফোনযোগে ভাবুকি দিয়া কাৰ্যৰ বিৰুদ্ধে শুকুৰবাৰে বিলাসীপাৰাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত পালন কৰা হয় দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷

পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

ধৰ্মঘটত অংশগ্ৰহণ কৰে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, আমছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাথ যোগী ছাত্ৰ সন্থা প্ৰমুখ্যে কেইবাটাও দল-সংগঠনে ৷ বিলাসীপাৰা প্ৰেছ ক্লাৱৰ সন্মুখত দিনৰ 2 বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন কেইটাই ।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন দল-সংগঠন তথা সাংবাদিকসকলে মন্ত্ৰী পীযুষ হাজৰিকা হুচিয়াৰ, পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক, পীযুষ হাজৰিকাৰ প্ৰাৰ্থিত্ব নাকচ কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰা শিকক, সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে । পৰৱৰ্তী সময়ত সাংবাদিকক এনেধৰণৰ ভয়-ভাবুকি দিয়াৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : সৰু‌ক্ষেত্ৰীত হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ বিশাল নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.