পশ্চিম বিলাসীপাৰা,7 মাৰ্চ : বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে প্ৰতিবাদ পশ্চিম বিলাসীপাৰাত ৷ গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ একাংশ কৰ্মীয়ে শনিবাৰে বিধায়ক তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ লোকসকলক চৰকাৰে সুকীয়া জৰীপৰ ব্যৱস্থা কৰাৰ লগতে উন্নয়ন নিগম গঠনৰ প্ৰতিশ্ৰুতি দিছিল যদিও একো কামেই নকৰিলে চৰকাৰখনে ৷ যাৰ বাবে স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিধানসভাত সমস্যা সম্পৰ্কে বিষয়টো এবাৰো উত্থাপন নকৰাৰ অভিযোগ উত্থাপন কৰে ৷
ইফালে, বিধায়ক গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতি ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা দলীয় টিকট লাভ কৰিলে বিধায়ক অশোক কুমাৰ সিংহীক এশিকনি দিয়াৰো হুংকাৰ দিয়ে পৰিষদৰ কৰ্ম-কৰ্তাসকলে ৷
আনহাতে, বিধায়ক গৰাকীৰ বাহিৰে অন্য প্ৰাৰ্থীক দলীয় টিকট দিলে পৰিষদে কোনো বিৰোধিতা নকৰে বুলি জনোৱাৰ লগতে দেশী অধ্যুষিত অঞ্চলত অশোক কুমাৰ সিংহীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বুলি উল্লেখ কৰিছে ৷
লগতে পঢ়ক: ৰাতাবাৰীত জব্দ 20 লাখ টকা