ধুবুৰী,৩আগষ্ট: সোমবাৰে ধুবুৰীৰ বিজেপি জিলা কাৰ্য্যালয়ত বিধায়ক অশ্বিনী ৰায় সৰকাৰে আয়োজন কৰা সংবাদ মেলখনৰ জড়িয়তে কংগ্ৰেছক কৰিলে তীব্ৰ সমালোচনা ।
বিজেপি দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠনৰ পিছৰ পৰাই বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ লগতে বান সাহায্যৰ নামৰ প্ৰতাৰণা কৰাৰ অভিযোগেৰে কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰাৰ প্ৰসংগ টানি বিজেপি বিধায়ক গৰাকীয়ে উভতি ধৰিলে কংগ্ৰেছক ।
ধুবুৰী কংগ্ৰেছৰ দ্বাৰা আয়োজিত প্ৰতিবাদী কাৰ্যসূচীক সমালোচনা কৰি ধুবুৰী বিধায়ক অশ্বিনী ৰায় চৰকাৰে কংগ্ৰেছলৈ বুলি উত্থাপন কৰিলে প্ৰশ্ন । বিগত সত্তৰ বছৰে ৰাজ্যত বান অথবা গৰাখহনীয়াৰ সমস্যা নাছিল নেকি ? অধিক সময় শাসনৰ গাদীত থকা কংগ্ৰেছে তেতিয়া বান গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কি কৰিলে ? সাম্প্ৰতিক মহামাৰী কৰণাৰ ভয়াৱহ এই সময়ত চৰকাৰক সহযোগ নকৰি কেৱল ৰাজনীতি কৰি অহা বুলিহে কংগ্ৰেছ দলৰ ওপৰত অভিযোগ তুলিলে বিজেপিৰ বিধায়ক গৰাকীয়ে ।
বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ এই সংবাদ মেলত উপস্থিতিত থকা জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালেও কংগ্ৰেছক কৰিলে তীব্ৰ সমালোচনা ।