বিলাসীপাৰা, 29 ফেব্ৰৱাৰীঃ এগৰাকী জ্যেষ্ঠ অধিবক্তাই প্ৰশিক্ষণৰত এগৰাকী কনিষ্ঠ যুৱতী অধিবক্তাক অপহৰণ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰা অঞ্চলত ৷ শুকুৰবাৰে বিয়লি প্ৰশিক্ষণৰত অধিবক্তা গৰাকীয়ে বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰা নিজৰ স্নাতকোত্তৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আনিবলৈ যাওতে অধিবক্তা গৰাকীক অপহৰণ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শুকুৰাবাৰে নিশা যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে জ্যেষ্ঠ অধিবক্তা হাছানুৰ ৰহমানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ যুৱতী গৰাকীক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো সম্ভাদ পোৱা নাই অপহৃত যুৱতীগৰাকীৰ ৷
লগতে পঢ়কঃ