ETV Bharat / state

চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

author img

By

Published : Sep 1, 2021, 3:11 PM IST

সোমবাৰে নিশা ধুবুৰীৰ চাপৰৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হ'ল শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰা । মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰে বাৰ্তালাপ কৰে আৰু কাৰ্যালয়টোৰ কাম-কাজৰ বুজ লয় । লগতে চাপৰৰ ৰাইজক সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

Power minister Bimal bora visited Chapar APDCL office
চাপৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাম-কাজৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

পূৱ বিলাসীপাৰা, ১ ছেপ্টেম্বৰ: সোমবাৰে ধুবুৰী আৰু কোকৰাঝাৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত নিশা ধুবুৰীৰ চাপৰৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰা । বিভাগীয় কাৰ্যালয়টোত সম্পাদন হৈ থকা বিভিন্ন কাম-কাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । আনহাতে, বিদ্যুতৰ বিল পৰিশোধ কৰা সন্দৰ্ভত তেওঁ কয় যে, সোমবাৰ পৰ্যন্ত কেৱল ৩১ শতাংশ লোকে বিল পৰিশোধ কৰিছে । সেয়ে, তেওঁ সকলোকে সময়মতে বিল আদায় দিবলৈ আহ্বান জনায় ।

ইফালে, ২০১৯ চনৰ ২৮ এপ্ৰিলত অনুষ্ঠিত হোৱা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভতো তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, বৰ্তমান পৰীক্ষাৰ বহী গুৱাহাটী বিশ্ববিদ্যালয়ত জমা দিয়া হৈছে । তেওঁলোকে মূল্যাংকন কৰি ফলাফল বিভাগক জমা দিয়াৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব । গৌৰীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত প্ৰমথেশ বৰুৱা, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতি বিজৰিত মাটিয়াবাগৰ ঐতিহ্যপূৰ্ণ হাৱামহল সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

কাৰ্যালয়টো পৰিদৰ্শন কৰি তেওঁ মাটি কিনা-বেচা কৰিবলৈ বিদ্যুৎ বিভাগৰ পৰা আপত্তিবহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন হোৱা বিষয়তো চৰ্চা কৰে । কেবিনেট বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ৰোগীক ৰামঠগন দি আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.